যোৰহাট,22 জানুৱাৰী: শুকুৰবাৰে ৰাজ্যজুৰি অংগনবাদী সহায়িকা কৰ্মীসকলে নতুন শিক্ষা নীতি তথা শাসকীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ নিজৰ নায্য প্ৰাপ্তিৰ দাবীত হাজাৰ হাজাৰ অংগনবাদী সহায়িকা কৰ্মী নামি আহিছে ৰাজপথলৈ ৷ সমান্তৰালকৈ যোৰহাটতো অংগনবাদী কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অংগনবাদী সহায়িকা কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা, মাননিৰ সলনি মজুৰিৰ ব্যৱস্থা কৰা, মাহিলি নূন্যতম দৰমহা 18 হাজাৰ টকা ধাৰ্য কৰা, এককালীন সাহাৰ্য অবিহনে অংগনবাদী কৰ্মীসকলক অৱসৰ দিয়া বন্ধ কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
নায্য প্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল অংগনবাদী কৰ্মী - যোৰহাট অংগনবাদী কৰ্মী প্ৰতিবাদ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শুকুৰবাৰে যোৰহাট জিলাটো অংগনবাদী কৰ্মীসকলে নতুন শিক্ষা নীতি আৰু শাসকীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
নায্য প্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল অংগনবাদী কৰ্মী
উল্লেখ্য যে, নতুন শিক্ষানীতিৰ অধীনত ৰাজ্যৰ অংগনবাদী কেন্দ্ৰসমূহ বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷ যাৰ বাবে নিজৰ প্ৰপ্তিৰ দাবীত এনদৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁলোক বাধ্য হোৱা বুলি মন্তব্য কৰে প্ৰতিবাদী সহায়িকা কৰ্মীসকলে ৷
লগতে পঢ়ক-তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে