যোৰহাট,16 নৱেম্বৰ : যোৰহাটৰ মৰিয়নীত সোমবাৰে নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰে যোৰহাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাই ৷ দিছৈ ভেলী সংৰক্ষিত ভূমিৰ পৰা নগা আৰক্ষীৰ চাউনী আঁতৰোৱাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ মৰিয়নীৰ নিউ সোণোৱালত নাগালেণ্ড সংযোগী এম কে জি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই । অসমৰ ভূমিত নগা আৰক্ষীৰ চাউনী আজিপৰ্যন্ত উঠাই নিনিয়াৰ প্ৰতিবাদত 12 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী হাতত লয় আটছাৰ লগতে স্থানীয় ৰাইজে ৷ এই সমস্যা সমাধান নকৰিলে অনাগত দিনত নাগালেণ্ডৰ বিৰুদ্ধে দীঘলীয়া অৰ্থনৈতিক অৱৰোধ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি আটছাই সদৰী কৰে ৷
নাগালেণ্ডৰ বিৰুদ্ধে আটছাৰ 12 ঘণ্টীয়া পথ অৱৰোধ - আটছাৰ প্ৰতিবাদ
সোমবাৰে মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত ভূমিৰ পৰা নগা আৰক্ষীৰ চাউনি আঁতৰোৱাৰ দাবীৰে 12 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে যোৰহাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাই ৷ অনাগত দিনত নাগালেণ্ডৰ বিৰুদ্ধে দীঘলীয়া অৰ্থনৈতিক অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান সংগঠনটোৰ ৷
![নাগালেণ্ডৰ বিৰুদ্ধে আটছাৰ 12 ঘণ্টীয়া পথ অৱৰোধ aatsa road block against nagaland](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9559602-thumbnail-3x2-j.jpg)
নাগালেণ্ডৰ বিৰুদ্ধে আটছাৰ 12 ঘণ্টীয়া পথ অৱৰোধ