অসম

assam

'অজগৰ'ৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদী সভা

By

Published : Oct 12, 2019, 9:19 PM IST

অসমৰ আগশাৰীৰ এখন পষেকীয়া আলোচনী আৰু ডঃ বিকাশ বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদী সভা সন্মিলিত নাগৰিক মঞ্চৰ লগতে বহু কেইটা চাহ জনগোষ্ঠীয় সংগঠনৰ । সভাৰ অন্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যোৰহাটত থানাত দাখিল স্মাৰক প্ৰত্ৰ । গ্ৰেপ্তাৰ নকৰিলে শীঘ্ৰে ৰাজ্যজুৰী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব 'আছাই' ৷

'অজগৰ'ৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদী সভা

যোৰহাট,12 অক্টোবৰ : অসমৰ আগশাৰীৰ এখন পষেকীয়া আলোচনী আৰু চিকিৎসক তথা লেখক ডঃ বিকাশ বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদী সভা ৷ অসমীয়া পষেকীয়া জনপ্ৰিয় আলোচনীখনত চিকিৎসক লেখক ডঃ বিকাশ বৰুৱাৰ অজগৰ নামৰ লিখনিৰ জৰিয়তে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ বাগিচাৰ লোক সকলক লৈ লিখা প্ৰতিক্ৰিয়া এতিয়ালৈ মাৰ যোৱা নাই । লেখক গৰাকীয়ে টিয়ক ঘটনাৰ বিবৰণী দিবলৈ গৈ এটা বৃহৎ জনগোষ্ঠী অপমান কৰা লগতে নিকৃষ্ট শব্দৰে জাতিটোক অপমান কৰাৰ বুলি গুৰুত্ব অভিযোগ উত্থাপিত কৰিছে সন্মিলিত নাগৰিক মঞ্চ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)কে ধৰি বহুকেইটা সংগঠনে ৷

অসমৰ আগশাৰীৰ এখন পষেকীয়া আলোচনী আৰু ডঃ বিকাশ বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদী সভা

উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা প্ৰকাশিত পষেকীয়া অসমীয়া আলোচনীখনৰ একবিংশ সংখ্যাৰ ৪৮ পৃষ্ঠাৰ ৰঞ্জন শিতানত ডঃ বিকাশ বৰৱাৰ "অজগৰ"শীৰ্ষক লেখাক লৈ ইতিমধ্যে ৰাজ্য জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । লেখক গৰাকীৰ লেখনিটোত চাহ জনগোষ্ঠীয় লোক সকলক কৰা মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল সন্মিলিত নাগৰিক মঞ্চই । কিন্তু যোৰহাট আৰক্ষীয়ে ঘটনাৰ গুৰুত্ব আৰোপ নকৰি এতিয়াও লেখক গৰাকী তথা আলোচনী খনৰ সম্পাদকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই পৰিছে সন্মিলিত নাগৰিক মঞ্চৰ লগতে আছাকে ধৰি বিভিন্ন চাহ জনগোষ্ঠীয় সংগঠন । যাৰ ফলত শণিবাৰে যোৰহাটৰ প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে সভাৰ অন্ততঃ প্ৰতিবাদী সমদলৰে যোৰহাট সদৰ আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনকেইটাই ৷ লগতে পষেকীয়া আলোচনীখনৰ সম্পাদকৰ লগতে ডা. বিকাশ বৰুৱাক গ্ৰেপ্তাৰ নকৰিলে অতি শীঘ্ৰে ৰাজ্যজুৰী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতৃত্বই ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details