যোৰহাট, 26 ডিচেম্বৰ:শনিবাৰে যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয় ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ৷ য'ত কংগ্ৰেছ, বিজেপি, অগপ দলৰ প্ৰায় 125 গৰাকীকৈ লোকে যোগদান কৰে ৷
যোৰহাটত ৰাইজৰ দলত যোগদান শতাধিক ব্যক্তিৰ - যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰ
যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত শনিবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ৷ যোগদান কাৰ্যসূচীত প্ৰায় 125 গৰাকীকৈ লোকে যোগদান কৰে দলটোত ৷
![যোৰহাটত ৰাইজৰ দলত যোগদান শতাধিক ব্যক্তিৰ যোৰহাটত ৰাইজৰ দলত যোগদান শতাধিক ব্যক্তিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10014783-thumbnail-3x2-kk.jpg)
যোৰহাটত ৰাইজৰ দলত যোগদান শতাধিক ব্যক্তিৰ
যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক তথা যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মা, জিলা আহ্বায়ক অভিজিত শইকীয়া, যোৰহাট জিলা সমিতিৰ উপদেষ্টা ত্ৰিদিপ দত্তৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ সদস্য সকল ৷ অনুষ্ঠানত উপস্থিত থাকে যোৰহাটত ৰাইজৰ দলৰ স্থিতি সবল বুলি দিব্যজ্যোতি শৰ্মাই উল্লেখ কৰাৰ লগতে মঞ্চৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী জনায় ৷
লগতে পঢ়ক:হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল