টীয়ক, ২৯ জুলাই: কাকজান আঞ্চলিক ছাত্ৰ সন্থাই ৰুজু কৰা গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিলে যোৰহাট বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠান(Jorhat institute of science and technology)ৰ অধ্যক্ষই । বুধবাৰে অগ্ৰিম জামিনৰ নিৰ্দেশ লৈ তেওঁ লাহদৈগড় আৰক্ষী চকীত উপস্থিত হয় অধ্যক্ষগৰাকী । কাকজান আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিষ্ঠানখনত অনিয়ম সংঘটিত হোৱা অভিযোগ উত্থাপন কৰি অধ্যক্ষকে ধৰি আন তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । উজনি অসমৰ অন্যতম উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান যোৰহাটৰ চতাইস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ নিযুক্তি আৰু কামৰ ঠিকা প্ৰদানক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত শিক্ষা প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাছিল যদিও অৱশেষত মুখ খুলিলে অধ্যক্ষই ।
বিগত কিছুদিন ধৰি প্ৰতিষ্ঠানখনত নিযুক্তিকেন্দ্ৰিক বিতৰ্ক আৰু বিভিন্ন শিতানত আৱন্টিত পুঁজিক লৈ বিতৰ্ক অব্যাহত থকাৰ লগতে খোদ অধ্যক্ষগৰাকী এই অনিয়মৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে বুলি অভিযোগ তুলিছিল কাকজান আঞ্চলিক ছাত্ৰ সন্থাই । আনকি যোৱা ১৯ জুলাইত কাকজান আঞ্চলিক ছাত্ৰ সন্থাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল । সম্প্ৰতি উক্ত গোচৰত অগ্ৰিম জামিন লাভ কৰিছে অধ্যক্ষগৰাকীয়ে । কাকজান ছাত্ৰ সন্থাই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, এগৰাকী অধ্যক্ষই তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্ত কৰিব নোৱাৰে ।
লগতে পঢ়ক: মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ
২০১৯ চনৰ জুলাই মাহত কাৰিকৰী সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে অজন্তা দত্তই নিযুক্তি লাভ কৰিছিল । একেদৰে উক্ত মাহতে কাৰ্যালয় সহায়কৰ পদত ক্ৰমে বিদ্যাৰ্থী বৰা, নৱনীতা বৰঠাকুৰে নিযুক্তি লাভ কৰিছিল । কাৰিকৰী সঞ্চালকালয়ৰ নিৰ্দেশনা মৰ্মেই ২০২১ বৰ্ষৰ ২৫ জুনত তিনিওগৰাকী কৰ্মচাৰীকেই পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় । ইফালে, প্ৰতিষ্ঠানখনলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক জালিয়াতি সংঘটিত হোৱা বুলি কাকজান আঞ্চলিক ছাত্র সন্থাই অভিযোগ তুলিছে ।