যোৰহাট,২৮ অক্টোবৰ :আৰক্ষী শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ পথ বাছি লোৱা অজয় দত্তৰ পৰিয়ালৰ কাষত থিয় দিছে বিভিন্ন দল-সংগঠনৰ নেতা । জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহেও শনিবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছে । সমগ্ৰ ঘটনাটোক গৰিহণা দিয়াৰ লগতে অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰে ।
কৃষক নেতাগৰাকীৰ মতে নিৰ্দোষী অজয় দত্তৰ লগত সেই সময়ত কি হৈছিল সেয়া ৰহস্যৰ আৱৰ্তত আছে । সেই ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক দাবী জনাই কৃষক নেতাগৰাকীয়ে । যদি আৰক্ষীত হাতত কোনো প্ৰমাণ নাই তেতিয়া সেই সময়ৰ ঘটনাস্থলীত ফটো জীপাল কৃষক শ্ৰমিক সংঘই যোগান ধৰিব বুলিও তেওঁ দাবী কৰে । আৰক্ষীয়ে কাক ৰক্ষণাৱেক্ষণ দিছে সেয়া ৰাজহুৱা কৰিবলৈও তেওঁ দাবী জনায় । নেতাগৰাকীয়ে দাবী কৰা মতে দুজন লোকৰ কাজিয়া ভাঙিবলৈ গৈছিল অজয় দত্ত নামৰ যুৱকজন । সেয়াই তেওঁৰ ভুল হ'ল । যি দুজনে কাজিয়াত লিপ্ত হৈছে তেওঁলোক এতিয়া মুকলি আকাশৰ তলত । সেয়ে সেই সকলক শীঘ্ৰে চিনাক্ত কৰি তদন্তৰ আওতালৈ আনিব লাগে বুলিও দাবী জনাই কৃষক নেতা সোণেশ্বৰ নৰহে ।