টীয়ক, 20 ফেব্ৰুৱাৰীঃ টীয়কৰ জাঁজীমুখত বন আৰক্ষীৰ অভিযান ৷ নিশা অবৈধভাৱে মাটি খান্দি থকা অৱস্থাতে জব্দ কৰে জেচিবি ৷ যোৰহাট বন সংমণ্ডলৰ নিয়মীয়া তহলত বৃহস্পতিবাৰে নিশা টীয়কৰ জাঁজীমুখত অবৈধভাৱে বনজসম্পদ খনন কৰি থকা অৱস্থাত এখন জেচিবি জব্দ কৰে । জব্দ কৰা জেচিবিখনৰ নম্বৰ AS-09-C-0891 । জানিব পৰা অনুসৰি, জাঁজী নদীৰ পাৰৰ এজাৰগুৰিৰ পৰা বনাইলৈকে এক বৃহৎ অঞ্চলত এটা অসাধু ব্যৱসায়ী চক্ৰই নিশা এন্ধাৰৰ সুযোগ লৈ এইদৰে বহুদিনৰ পৰা মাফিয়াৰাজ চলাই আহিছে । যাৰ বাবে বৃহস্পতিবাৰে নিশা বন বিভাগে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে নৈপৰীয়া ৰাইজে ।
জাঁজীমুখত জব্দ অবৈধভাৱে মাটি খান্দা জেচিবি - টীয়ক
বৃহস্পতিবাৰে নিশা টীয়কৰ জাঁজীমুখত অবৈধভাৱে বনজসম্পদ খনন কৰি থকা অৱস্থাত এখন জেচিবি জব্দ কৰে । নিশা অবৈধভাৱে মাটি খান্দি থকা অৱস্থাতে জব্দ কৰে জেচিবিখন ৷
জাঁজীমুখত জব্দ অবৈধভাৱে মাটি খান্দা জেচিবি