যোৰহাট, 21 আগষ্টঃ পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে অনশনত বহিল জয়ন্ত বৰাৰ মাতৃ ৷ জয়ন্ত বৰাৰ মৃত্যুৰ দুমাহৰ সম্পূৰ্ণ হোৱাৰ পাচতো পৰিয়ালৰ লোকে ন্যায় নোপোৱাৰ ফলত শুকুৰাবাৰে অনশনত বহে দুৰ্ভগীয়া মাতৃয়ে ৷ 15 জুনৰ নিশা সেনাবাহিনীয়ে অভিযান চলাই আটক কৰি নিয়াৰ পিছতে ৰহস্যজনক ভাৱে মৃত্যু হৈছে জয়ন্ত বৰা নামৰ যুৱকজনৰ । সেনাৰ অত্যাচাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল পৰিয়ালৰ লোকে ৷
ন্যায় বিচাৰি অনশনত বহিল জয়ন্ত বৰাৰ মাতৃ লগতে পঢ়কঃঅৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক
জয়ন্তৰ মৃত্যুৰ পাছতে কেবাগৰাকী বিধায়ক, জনপ্ৰতিনিধিয়ে জয়ন্তৰ মাতৃক ন্যায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে যদিও আজিকোপতি ন্যায় নাপালে পৰিয়ালটোৱে ৷ আয়ুক্ত ললিল গগৈৰ তদন্তৰ প্ৰতিবেদনৰ বিষয়েও জনোৱা নহ'ল পৰিয়ালক । জানিব পৰা মতে, জয়ন্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনো হস্তান্তৰ কৰা নাই পৰিয়ালটোক ।
পৰিয়ালৰ অভিযোগ অনুসৰি কেৱল তিনিজন আৰক্ষী বিষয়াক নিলম্বন কৰি দায়িত্ব সামৰিছে প্ৰশাসনে ৷ ইফালে অভিযানৰ নেতৃত্ব লোৱা সেনা বিষয়াৰ ওপৰতো কোনো ব্যৱস্থা লোৱা নহ'ল বুলি জানিব পৰা গৈছে । অৱশেষত চৰকাৰৰ এনে কৰ্যত হতাশ হৈ পৰা জয়ন্তৰ মাতৃয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সিদ্ধান্ত লয় ৷