যোৰহাট, 14 নৱেম্বৰ:আজি দেশৰ প্ৰথম গৰাকীৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱস (Childrens Day celebration in India) । পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱসটো সমগ্ৰ দেশত পালন কৰা হৈছে শিশু দিৱস হিচাপে (Jawaharlal Nehru birthday celebrated in Jorhat) । শিশু দিৱস তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ গৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে জিলা কংগ্ৰেছ ভৱনত জিলা সভাপতি পুতুল বুঢ়াগোহাঁইৰ সভাপতিত্বত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে (Pandit Jawaharlal Nehru) ।
প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পনেৰে উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় (Jorhat District Congress Committee) । ইয়াৰ পিছতেই প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱন দর্শন আৰু নীতি-আদৰ্শৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত জিলা কংগ্ৰেছ, জিলা মহিলা কংগ্ৰেছ, সেৱাদল, যুৱ কংগ্ৰেছ, এন. এছ.ইউ.আই., ইয়ং ব্ৰিগেড আৰু ব্লক কংগ্ৰেসমূহৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।