যোৰহাট, ২ আগষ্ট:আধুনিক যোৰহাটৰ অন্যতম নিৰ্মাতা জননায়ক দেৱেশ্বৰ শৰ্মাৰ ৩০ তম মৃত্যু বাৰ্ষিকী সামাজিক অনুষ্ঠান সাহসৰ উদ্যোগত যোৰহাটৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত পালন কৰা হয় । সভাৰ আৰম্ভণিতে পৰিয়ালবৰ্গৰ হৈ দেৱেশ্বৰ শৰ্মাৰ তৃতীয় প্ৰজন্মৰ প্ৰতিনিধি তথা নাতি, বিশিষ্ট উদ্যোগপতি সুব্ৰত শৰ্মাই জননায়ক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ পাছতেই সাহসৰ প্ৰচেষ্টাক কৃতজ্ঞতা জ্ঞাপন কৰে । ভৱিষ্যতৰ দিনত জননায়কৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত কি কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত সাহসৰ বিষয়ববীয়া সকলক তেওঁ ব্যৱস্থা গ্ৰহণৰ আবে আহ্বান জনায় ।
সাহসৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত বুঢ়াগোহাঁইয়ে যৌথ সঞ্চালনা কৰা সভাখনৰ আৰম্ভণিতে সভাৰ দৃষ্টিভংগী ব্যাখ্যা কৰি বিজয় শংকৰ বৰদলৈয়ে কয় যে, ২০২৩ চনৰ ৫ জানুৱাৰীত যোৰহাটত সামাজিক অনুষ্ঠান সাহসে জন্মলাভ কৰিছিল । পূৰ্বজ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰা, আৰ্তজনক সহায় কৰা আৰু ক্ৰীড়া ফেল'শ্বিপ প্ৰদান কৰা, জাতীয় কৃষ্টি-সংস্কৃতিৰ ধ্বজ্জা অটুট ৰখাত সাহসে বিগত দিনত কাম কৰি আহিছে । অসমৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰ, শিক্ষানগৰী বুলি যোৰহাটক অভিহিত কৰা হয় । কাৰণ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি প্ৰায় সকলোবোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, নেইষ্ট আদি যোৰহাটত আছে । ইয়াৰে প্ৰায়কেইটা অনুষ্ঠানেই জননায়ক দেৱেশ্বৰ শৰ্মাৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত যোৰহাটত প্ৰতিষ্ঠা হৈছিল ।
উক্ত সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ড৹ সৌমিত্ৰ পূজাৰীয়ে জননায়ক দেৱেশ্বৰ শৰ্মাৰ জীৱন সম্পৰ্কে আলোকপাত কৰে । ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছত থাকিও অসম আৰু অসমীয়াক হৃদয়ৰ পৰা ভাল পোৱা এজন অন্যতম জাতীয়তাবাদী বুলি জননায়কক অভিহিত কৰি পূজাৰীয়ে কয়, "তেওঁ উন্নয়ন-প্ৰগতিৰ ৰাজনীতি কৰিছিল । ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰা অসম আন্দোলন পৰ্যন্ত তেওঁৰ ভূমিকা অপৰিসীম আছিল । অসমৰ জাতীয় জীৱনক তেওঁ সবল নেতৃত্ব প্ৰদান কৰিছিল ।
যোৰহাটস্থিত নেইষ্টৰ চৌহদত জননায়ক দেৱেশ্বৰ শৰ্মাদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰাত অগ্ৰণী ভূমিকা পালনৰ বাবে যোৰহাটবাসীৰ তৰফৰ পৰা স্বীকৃতিৰ চিন স্বৰূপে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড৹ জি নৰহৰি শাস্ত্ৰীক এই সভাতেই এখনি প্ৰশংসা পত্ৰ, এখনি প্ৰতিচ্ছবি, এটা স্মাৰক, এখনি ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু এখনি সঁফুৰাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানটোত সঞ্চালক গৰাকীক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, আজু, যোৰহাট জিলা সমিতি, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি, সান্নিধ্য-৯৫, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আদি অনুষ্ঠানেও কৃতজ্ঞতাৰ চিন স্বৰূপে সম্বৰ্ধনা প্ৰদান কৰে ।