অসম

assam

ETV Bharat / state

নৱবৰ্ষক আদৰিবলৈ সাজু জাঁজীমুখৰ হাতীশাল ইক’ পাৰ্ক

সমাগত বনভোজৰ বতৰ ৷ বনভোজ প্ৰেমীক আকৰ্ষণ কৰিবলৈ সাজু যোৰহাটৰ জাঁজীমুখৰ হাতীশাল ইক’ পাৰ্ক ৷ আগন্তুক নৱবৰ্ষক আদৰিবলৈ সীমাহীন ব্যস্ততা এতিয়া হাতীশালবাসীৰ ৷

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 11:02 AM IST

Jajhimukh Hatishal Eco Park
চাওঁতে চাওঁতে শেষ হোৱাৰ পথত আৰু এটা বছৰ

চাওঁতে চাওঁতে শেষ হোৱাৰ পথত আৰু এটা বছৰ

যোৰহাট, 2 ডিচেম্বৰ : চাওঁতে চাওঁতে শেষ হোৱাৰ পথত আৰু এটা বছৰ ৷ এতিয়া ডিচেম্বৰ মাহ । পুৰণি বছৰটোক বিদায় আৰু নতুন বৰ্ষক আদৰণি জনাবলৈ বহুজনে ইতিমধ্যে বহু পৰিকল্পনা সাজু কৰিছে ৷ বিশেষকৈ প্ৰকৃতিৰ সেউজীয়া ভূমিৰ পাহাৰীয়া নাইবা নদ-নদী ভৰা এক স্থানত নিজৰ নিজৰ পৰিয়াল, বন্ধু বান্ধৱৰ সৈতে এসাঁজ খাবলৈয়ো সাজু হৈছে সকলো ৷

বনভোজ প্ৰেমীৰ লগতে ক্ৰমাৎ সাজু হৈ উঠিছে বনভোজস্থলীসমূহো ৷ ৰাজ্যৰ কিছু কিছু স্থানৰ লেখীয়াকৈ টীয়কৰ জাঁজী, ককিলা, ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলী জাঁজীমুখ হাতীশালৰ নৈসৰ্গিক পৰিৱেশত স্থাপিত হাতীশালত ইক’ পাৰ্কত এতিয়া বাঢ়িছে ব্যস্ততা ৷

এই পাৰ্কৰ পৰিৱেশে আকৰ্ষিত কৰিবলৈ সাজু বনভোজ প্ৰেমীক। বিগত বছৰৰ দৰে এইবাৰো অঞ্চলটোৰ একাংশ উদ্যমী যুৱকে হাতীশাল ইক’ পাৰ্কখন সজাই পৰাই তুলা হৈছে । যাক লৈ ব্যস্ততাৰ যেন অন্ত নাই অঞ্চলটোৰ বহু যুৱকৰ ।

উল্লেখযোগ্য যে, দূৰ দূৰণিৰ পৰা অহা ৰাইজৰ সুবিধাৰ্থে কেৱল প্ৰাকৃতিক সম্পদেৰে অতি সুন্দৰকৈ পৰিকল্পিতভাৱে সজাই পৰাই তোলা হৈছে হাতীশাল ইক’ পাৰ্কখন ৷ কেৱল ব্যৱসায় ভিত্তিক নহয়, বছৰৰ আন মাহকেইটাতো এদল যুৱকে উক্ত স্থানৰ সাৰুৱা ভূমিত বিভিন্ন বাম খেতি-বাতি কৰি স্বাৱলম্বিতাৰ পথ সুগম কৰিছে ।

লগতে অঞ্চলৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে এখন বজাৰ, কণ কণ শিশুৰ বাবে এইখন উদ্যান, সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্যসম্ভাৰ উপলব্ধ এখন ৰেস্তোৰাঁৰ ব্যৱস্থা কৰা আছে এই হাতীশাল ইক’ পাৰ্কত। সেয়ে নৱ বছৰটো জাঁজীমুখৰ নৈসৰ্গিক শান্ত কোমল এই সেউজীয়া পৰিৱেশত প্ৰিয়জনৰ সৈতে উপভোগ কৰি আনন্দ উল্লাস কৰাৰ লগতে অসমৰ পৰ্যটক ক্ষেত্ৰত জাঁজীমুখৰ নাম সন্নিবিষ্ট কৰিবলৈ ৰাইজক আহ্বান জনাইছে এইসকল উদ্যোগী যুৱকে ।

উল্লেখযোগ্য যে, বিগত দুটা বছৰে উক্ত স্থানলৈ সমগ্ৰ ৰাজ্যৰ পৰা লক্ষ্য লক্ষ্য বনভোজপ্ৰেমীৰ আগমন হৈছিল আৰু সকলোৱে হাতীশালৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আনন্দিত হৈ পৰিছিল । সেয়ে এইবাৰো পূৰ্বৰ দৰে সমূহ অসমবাসীৰ আগমন ঘটিব আৰু নৈপৰীয়া পৰিয়ালসমূহ উপকৃত হ'ব বুলি আশা কৰিছে হাতীশালবাসীয়ে ।

লগতে পঢ়ক :বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

ABOUT THE AUTHOR

...view details