টীয়ক,3 জুন : যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড়ত বুধবাৰে হাতী দাঁতসহ তিনিটা জুৱাৰীক আটক কৰে আৰক্ষীয়ে ৷ মেলেং মধুপুৰৰ পৰা আটক হোৱা জুৱাৰী তিনিটা অচিন্ত বৰা, হৰেণ বৰা আৰু দিপু দাস বুলি জানিব পৰা গৈছে ৷ জুৱাৰী তিনিটাৰ বাসগৃহত হাতী দাঁত মজুত থকাৰ তথ্য লাভ কৰাৰ উপৰিও তিনিওজন অনলাইন জুৱা খেলৰ সৈতে জড়িত বুলি তথ্য লাভ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, আইপিএলৰ জুৱা খেলৰ অভিযোগতো অভিযুক্ত এই জুৱাৰী তিনিটা ৷
টীয়কত হাতী দাঁতসহ তিনি জুৱাৰী আটক - ivory
বুধবাৰে টীয়কৰ মেলেং মধুপুৰৰ পৰা হাতী দাঁতসহ তিনিটা জুৱাৰীক আটক আৰক্ষীৰ ৷ হাতীৰ দাঁতৰ উপৰিও জুৱাৰী তিনিটাৰ ঘৰৰ পৰা নগদ ধন 18,330 টকা আৰু অনলাইন জুৱা খেলত ব্যৱহৃত তিনিটা ম’বাইল ফোন জব্দ কৰা হয় ৷
![টীয়কত হাতী দাঁতসহ তিনি জুৱাৰী আটক ivory-seized-with-three-arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12000833-thumbnail-3x2-gdfgd.jpg)
টীয়কত হাতী দাঁতসহ তিনি জুৱাৰী আটক
টীয়কত হাতী দাঁতসহ তিনি জুৱাৰী আটক
জুৱাৰী তিনিটাৰ পৰা হাতীৰ দাঁতৰ উপৰিও নগদ ধন 18,330 টকা আৰু অনলাইন জুৱা খেলত ব্যৱহৃত তিনিটা ম’বাইল ফোন জব্দ কৰি আৰক্ষীৰ থানাত 354/21 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্যে তিনিওকে যোৰহাটৰ আদলতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :শিৱসাগৰত বুধবাৰে নিশা ড্ৰাগছ বিৰোধী অভিযান