অসম

assam

ETV Bharat / state

চৰকাৰী ৰঙা ফিটাৰ মেৰপেচতে আবদ্ধ এওঁলোকৰ জীৱন... - আবাস গৃহ আঁচনি

ঘৰৰ ছালেৰে তৰা গণিব পৰা অৱস্থাত বসবাস কৰি আছে যোৰহাট নগৰৰ উপকন্ঠৰ কৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত, কাঠকটীয়া গাঁৱৰ ভূঞা বস্তিৰ একাংশ লোকে ৷ চৰকাৰী কোনো আঁচনিয়েই ঢুকি পোৱা নাই এইসকল লোকক ৷

মেৰপেচতে আবদ্ধ এওঁলোকৰ জীৱন
মেৰপেচতে আবদ্ধ এওঁলোকৰ জীৱনমেৰপেচতে আবদ্ধ এওঁলোকৰ জীৱন

By

Published : Mar 18, 2020, 8:01 PM IST

যোৰহাট, 28 মাৰ্চঃ বহুকেইটা ৰাজনৈতিক দল আহিল আৰু গ'ল ৷ দৰিদ্ৰতা নিৰ্মূলক মূখ্য নিৰ্বাচনী ইছ্যু হিচাপে লৈ জয়ী হৈছে বহু চৰকাৰ ৷ কিন্তু আজিও যেন সমাজৰ বহু লোক বঞ্চিত হৈ আছে ন্যূনতম সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ পৰাও ৷

ঘৰৰ ছালেৰে তৰা গণিব পৰা অৱস্থা এওঁলোকৰ ঘৰত

তাৰেই যেন উদাহৰণ বহন কৰিছে যোৰহাট নগৰৰ উপকন্ঠৰ কৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত, কাঠকটীয়া গাঁৱৰ ভূঞা বস্তিত ৷ এইয়া পঞ্চায়ত খনৰ অন্তৰ্গত 2 নং ৱাৰ্ডৰ একাংশ লোকৰ ঘৰৰ দৃশ্য ৷ ঘৰৰ ছালেৰে তৰা গণিব পৰা অৱস্থা এওঁলোকৰ ঘৰত ৷ ঘৰ নহয় যেন একো একোটা গোহালিহে ৷ শোৱলৈ নাই এখন বিচনা, খাবলৈও নাই পৰ্যাপ্ত খাদ্য ৷ কোনোমতে লজ্জা নিবাৰণ কৰি ৰাখিছে কেইপদমান কাপোৰেৰে ৷

চৰকাৰী ৰঙা ফিটাৰ মেৰপেচতে আবদ্ধ এওঁলোকৰ জীৱন...

খোৱাপানী, অনাময় আঁচনি, আবাস গৃহ আঁচনিৰ নামত চৰকাৰী ৰঙা ফিটাৰ মেৰপেচতে আবদ্ধ এওঁলোকৰ জীৱন ৷ একবিংশ শতিকাৰ নহয় যেন আদিম যুগৰে লোক এইসকল ৷ বৰ্তমানেও এওঁলোকে ঢুকি পোৱা নাই পৰিৱৰ্তনকামী কোনো এখন চৰকাৰৰে উন্নয়নৰ অংশ ৷ কোনো এখন পৰিৱৰ্তকামী চৰকাৰেই পৰিৱৰ্তন কৰিব পৰা নাই এওঁলোকৰ জীৱন সংগ্ৰাম ৷

লগতে পঢ়কঃবৰপেটাত বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে ব্যাহত বিশুদ্ধ খোৱা পানীৰ যোগান

ABOUT THE AUTHOR

...view details