যোৰহাটত আন্ত:বিভাগীয় টাস্ক ফ'ৰ্চৰ অভিযান যোৰহাট, ২১ মাৰ্চ:যোৰহাটত দুটাকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিচত নগৰখনৰ ভৱিষ্যত সুৰক্ষাক লৈ চৰ্চা হোৱাত নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ভৱনসমূহত সকলো পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল (Task Force in Jorhat)। যোৰহাটৰ স্বাভিমানৰ প্ৰতীক ঐতিহাসিক চ'ক বজাৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পিচতেই গঠিত এই টাস্ক ফ'ৰ্চে ইতিমধ্য়ে আৰম্ভ কৰিছে অভিযান । যোৰহাটত আন্তঃবিভাগীয় টাস্ক ফ'ৰ্চে মঙলবাৰে এই অভিযান চলোৱাত ৰাইজে আদৰণি জনাইছে (Inter Departmental Task Force operation in Jorhat)।
মঙলবাৰে আন্তঃবিভাগীয় টাস্ক ফ'ৰ্চে যোৰহাট নগৰ মাৰোৱাৰী পট্টি, ঠাকুৰবাৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, কমপ্লেক্স আদিত চলাই এই অভিযান । উক্ত প্ৰতিষ্ঠানসমূহে সঠিকভাৱে বিদ্যুতৰ লগতে গৃহ নিৰ্মাণৰ সুৰক্ষা ব্যৱস্থা সমূহ পালন কৰিছে নে নাই সেয়া নিৰীক্ষণ কৰে । এই সমূহ ব্যৱস্থা সঠিকভাৱে পালন নকৰা প্ৰতিষ্ঠাসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ সঁকীয়াই দিছে ন'ডেল বিষয়া দামোদৰ বৰ্মনে । উল্লেখ্য় যে, টাস্ক ফ'ৰ্চৰ ন'ডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত চলিছে এই অভিযান ।
উল্লেখ্য় যে, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আইন, ২০০৫ ৰ অধীনত (Disaster Management Authority Act 2005) জাৰি কৰা নিৰ্দেশ অনুসৰি যোৰহাট দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ন'ডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত গঠিত এই টাস্ক ফ'ৰ্চে নগৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, বজাৰ, শ্ব'পিং মল, কমপ্লেক্স, আৱাসীক আট্টালিকা, নাৰ্ছিং হোম আদিত অগ্নিৰ লগতে বিদ্যুতৰ উপযুক্ত সুৰক্ষা ব্যৱস্থা তথা গৃহ নিৰ্মাণৰ সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাসমূহ সঠিকভাৱে পালন কৰিছে নে নাই সেয়া নিৰীক্ষণ কৰি আছে । চহৰখনৰ সকলোতে এই অভিযান চলোৱা হ'ব ।
এই অভিযানৰ পিচতেই এইবোৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷ ন'ডেল বিষয়াগৰাকীৰ সৈতে এই টাস্ক ফ'ৰ্চৰ ১৯ জনীয়া দলটোৱে সকলো নিৰীক্ষণ কৰি অহা ৩০ মাৰ্চৰ ভিতৰত জিলা উপায়ুক্তক তথ্য আৰু পৰামৰ্শসহ যাৱতীয় প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে । অনাগত সময়ত যাতে অগ্নিকাণ্ডৰ এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত পুলক মহন্তই এই নিৰ্দেশ জাৰি কৰিছিল (Jorhat District Disaster Management Authority)।
লগতে পঢ়ক:Crime in Golaghat: গোলাঘাটৰ দৈগ্ৰোঙত চাঞ্চল্যকৰ ডকাইতি কাণ্ড