অসম

assam

ETV Bharat / state

যোৰহাটৰ গড়মূৰত সম্পন্ন হ'ব উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য - শেষকৃত্য

বিগত 3 জুনত অৰুণাচলৰ মেচুকালৈ বুলি যাত্ৰা কৰা ভাৰতীয় বায়ুসেনাৰ বিমানখনৰ ধ্বংসাৱশেষস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে তেৰগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ ৷ ডিব্ৰুগড়ৰ মোহনবাৰীত বায়ুসেনাই শ্বহীদ বায়ুসৈনিককেইজনৰ ডিএনএ টেষ্ট কৰি ৰৰৈয়ালৈ লৈ আনিব আৰু তাৰ পৰাই নিজ নিজ গৃহলৈ প্ৰেৰণ কৰিব নশ্বৰ দেহ ৷ ইয়াৰে উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য অসমতে সম্পন্ন কৰা হ'ব বুলি জনাইছে ভাৰতীয় বায়ুসেনাই ৷

উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছ

By

Published : Jun 20, 2019, 10:11 PM IST

যোৰহাট, 20 জুনঃ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্থ হোৱা বায়ুসেনাৰ AN 32 বিমানৰ তেৰগৰাকী বায়ুসেনাৰ নশ্বৰদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে সেনাৰ অভিযানকাৰী দলে ৷ দেশৰ বাবে সকলো ত্যাগ কৰা বায়ুসৈনিক কেইজনৰ নশ্বৰ দেহৰ ডিএনএ টেষ্ট ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত বায়ুসেনাৰ চিকিৎসালয়ত সম্পন্ন কৰা হ'ব ৷ ডিএনএ টেষ্ট সম্পন্ন হোৱাৰ পিচতেই বাৰগৰাকী বায়ুসৈনিকৰ নশ্বৰ দেহ নিজ নিজ জন্মস্থানলৈ প্ৰেৰণ কৰা হ'ব যদিও উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য সম্পন্ন হ'ব অসমৰ যোৰহাট জিলাৰ গড়মূৰ ৰাজহুৱা শ্মশানত ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন......

যোৰহাটৰ গড়মূৰত সম্পন্ন হ'ব উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য

ABOUT THE AUTHOR

...view details