যোৰহাট, 15 আগষ্ট: আজি দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়তো এক বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় (Independence Day celebrations at Assam Agricultural University ) । বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ।
যোৰহাটৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বক্তব্য ৰাখি উপাচাৰ্যগৰাকীয়ে কয় যে দেশৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে প্ৰত্যেক কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব । নীতিৰ পৰা নীতিলৈ পৰিৱৰ্তন কৰি মানসিকতাৰ পৰিৱৰ্তন ঘটালেহে আমি সফল হ’ব পাৰিম আৰু দেশখনকো আগবঢ়াই নিব পাৰিম ।
শেহতীয়া নীতি আয়োগৰ অধিৱেশনত তৈল মাহজাতীয় আৰু মিলেট প্ৰমচনৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি উপাচাৰ্যগৰাকীয়ে কয় যে ভাৰতীয় শিক্ষা আৰু গৱেষণাৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে । ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও ১৭ দফীয়া আঁচনি ঘোষণা হৈছে ।