অসম

assam

ETV Bharat / state

যোৰহাটত অসম্পূৰ্ণ অৱস্থাত মথাউৰি আৰু ৰিটেইনিং ৱাল - মথাউৰি আৰু ৰিটেইনিং ৱালে আনিছে অশনি সংকেত

যোৰহাটত অসম্পূৰ্ণ মথাউৰি আৰু ৰিটেইনিং ৱালে আনিছে অশনি সংকেত । সম্পূৰ্ণ নোহোৱালৈকে জিয়াতু ভুগিব লাগিব ৰাইজে । ৱালখন সম্পূৰ্ণ কৰিবলৈ আৰু দুমাহ সময় লাগিব বুলি জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই জানিবলৈ দিয়ে ৷

যোৰহাটত অসম্পূৰ্ণ অৱস্থাত মথাউৰি আৰু ৰিটেইনিং ৱাল
যোৰহাটত অসম্পূৰ্ণ অৱস্থাত মথাউৰি আৰু ৰিটেইনিং ৱাল

By

Published : May 28, 2020, 11:03 AM IST

যোৰহাট, 28 মে’: বিগত কিছুদিন ধৰি ৰাজ্যত চলি থকা নেৰানেপাৰা বৰষুণৰ ফলত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ । ৰাজ্যখনৰ অসম্পূৰ্ণ মথাউৰিসমূহৰ বাবে স্থবিৰ হৈ পৰে যাতায়াত ৷ যোৰহাট চহৰত ভোগদৈ নৈৰ বাঢ়নী পানীয়ে বিগত বৰ্ষত মথাউৰি ছিগি তাণ্ডৱ চলাইছিল উত্তৰ পশ্চিম যোৰহাটৰ 35 খন গাঁৱত । তেনেসময়তে যোৰহাট চহৰখনত সুৰক্ষা প্ৰদান কৰি অহা ভোগদৈ মথাউৰিৰ সুৰক্ষা দিয়াৰ উদ্দেশ্যে মথাউৰিৰ কাষে কাষে এখন শক্তিশালী পকী ৱাল নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰিছিল জল সম্পদ বিভাগে । কিন্তু বৰ্তমানো সম্পূৰ্ণৰূপে নিৰ্মাণ নোহোৱা ৱালখনৰ বাবে শংকাত ভুগিছে স্থানীয় ৰাইজ ।

যোৰহাটত অসম্পূৰ্ণ অৱস্থাত মথাউৰি আৰু ৰিটেইনিং ৱাল

উল্লেখ্য যে, জল সম্পদ বিভাগে গজপুৰীয়াৰ পৰা ৰয়েল ৰোড, মিলন নগৰ পৰ্যন্ত ৰিটেইনিং ৱালখন 2.65 কোটি টকাৰে 800 মিটাৰ দৈৰ্ঘৰ ৱালখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । বিভাগটোৰ ঠিকাদাৰে কাম আৰম্ভ কৰিছিল যদিও সময়ত সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে এতিয়া স্থানীয় ৰাইজে যমৰ যাতনা ভুগিছে বুলি জানিব পৰা গৈছে । জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা জীৱন বৰুৱাই জনোৱা মতে, এই ৰিটেইনিং ৱালখন সম্পূৰ্ণ কৰিবলৈ ডেৰৰ পৰা দুমাহ সময়ৰ প্ৰয়োজন ।

লগতে পঢ়ক: কিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !

ABOUT THE AUTHOR

...view details