অসম

assam

টীয়কত দুখনকৈ পকী দলঙৰ আধাৰশিলা স্থাপন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ

By

Published : Dec 3, 2020, 3:07 PM IST

একেদিনাই টীয়কৰ দুটাকৈ ভিন্ন স্থানত দুখনকৈ পকী দলঙৰ আধাৰশিলা স্থাপন কৰিলে স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই । যিয়ে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে স্থানীয় ৰাইজৰ মাজলৈ ।

টীয়কত দুখনকৈ পকী দলঙৰ আধাৰশিলা স্থাপন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ
টীয়কত দুখনকৈ পকী দলঙৰ আধাৰশিলা স্থাপন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ

টীয়ক, 3 ডিচেম্বৰ:টীয়কৰ জাঁজী নদীৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা ৰেণুপমা ৰাজখোৱাই । টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ প্ৰত্যক্ষ সহযোগিতাত স্থাপন হোৱা দলং খনৰ আধাৰশিলাই ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰিছে । মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ আঁচনিৰ অধীনত আৰম্ভ হ'বলগীয়া দলং খনৰ নিৰ্মাণৰ পাচত প্ৰায় কুৰিৰো অধিক গাঁৱৰ আৰ্থ-সামাজিক উন্নয়নত বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰিছে অঞ্চলবাসীয়ে ।

টীয়কত দুখনকৈ পকী দলঙৰ আধাৰশিলা স্থাপন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ

যোৰহাট আৰু টীয়কৰ লোক নিৰ্মাণ বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ উপস্থিতত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত স্থাপন কৰা হয় আধাৰশিলা । আনহাতে দলং খনৰ আধাৰশিলাৰ স্থাপনৰ পূৰ্বে টীয়কৰ গুৱালগাঁও-এজাৰগুৰি সংযোগী পথৰ ওপৰত থকা জৰাজীৰ্ণ লোহাৰ দলঙৰ পৰিৱৰ্তে, এখন স্থায়ী পকী দলঙৰো আধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে । একে দিনাই দুয়োখন দলঙৰ আধাৰশিলা স্থাপনৰ বিষয়টোক অগপই সমষ্টিটোত একপ্ৰকাৰৰ নিৰ্বাচনৰ ৰণ দুন্দুভি বজাইছে বুলি একাংশই মন্ত ব্য কৰিছে যদিও, প্ৰকৃততে আধাৰশিলাই ৰাইজৰ বহুদিনীয়া দুখ-কষ্ট তথা যাতায়াতৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে বুলিও আন একাংশই উল্লেখ কৰে । লগতে শীঘ্ৰেই দলংখন সম্পূৰ্ণ কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক:য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান

ABOUT THE AUTHOR

...view details