অসম

assam

ETV Bharat / state

APSC ৰ পৰীক্ষাক লৈ জৰুৰী নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনৰ - পৰীক্ষাৰ্থী

যোৰহাটৰ ২৭ টা কেন্দ্ৰত ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া APSC ৰ পৰীক্ষাৰ্থীক জৰুৰী তথ্য যোগান ধৰিবলৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷ পৰীক্ষাৰ্থীৰ যাতায়তৰ অত্যন্ত অসুবিধা হ'লে জিলা পৰিবহণ বিভাগে যোগান ধৰিব বিশেষ বাহন ৷

Jorhat district administration
APSC ৰ পৰীক্ষাক লৈ জৰুৰী নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনৰ

By

Published : Sep 11, 2021, 9:21 PM IST

যোৰহাট, 11 ছেপ্টেম্বৰ : অসম লোকসেৱা আয়োগৰ অধীনত যোৰহাটৰ ২৭ টা কেন্দ্ৰত ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা- ২০২০ ৰ সন্দৰ্ভত জৰুৰী তথ্য যোগান ধৰিবলৈ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷ পৰীক্ষাৰ্থী সকলে পৰীক্ষা সমন্ধীয় যি কোনো তথ্যৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ দূৰভাষ নং ০৩৭৬-২৩০০১২৪ ত অহা ১২ তাৰিখলৈকে যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক:প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ

ইয়াৰোপৰি কোনো পৰীক্ষাৰ্থীৰ যাতায়তৰ অত্যন্ত অসুবিধা হ'লে জিলা পৰিবহণ বিভাগে যোগান ধৰা বাহনৰ বাবে আগতীয়াকৈ ওপৰত উল্লেখিত নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব ৷ এইসমূহ বাহনৰ ভাড়া পৰীক্ষাৰ্থীয়ে নিজে ভৰিব লাগিব যদিও নূন্যতম ভাড়াহে লোৱা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে ৷

পৰীক্ষাৰ্থীসকলে লগত ক'ভিড পৰীক্ষাৰ প্ৰমাণ পত্ৰ অথবা ক'ভিড প্ৰতিষেধক( প্ৰথম বা দ্বিতীয়)ৰ পালি গ্ৰহণৰ প্ৰমাণ পত্ৰ লগত লৈ অনাটো বাধ্যতামূলক ৷ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, টেবলেট আদি বৈদ্যুতিক সামগ্ৰী লগত লৈ যাব নোৱাৰিব বুলিও জিলা প্ৰশাসনে জানিবলৈ দিছে ৷

লগতে পঢ়ক:কিয় ৰাইজৰ দল এৰি বিজেপিত যোগ দিলে জিলা সভাপতি শৰৎ দাসে ?

ABOUT THE AUTHOR

...view details