যোৰহাট, 20 মাৰ্চ:মৰিয়নিৰ GK চাবোন ফেক্টৰীত আৰক্ষীক লগত লৈ অধিবক্তাৰ দলৰ অভিযান ৷ সোমবাৰে চলোৱা অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চাবোন ৷ চাবোন ফেক্টৰীটোৰ বিৰুদ্ধে আছিল তেজপুৰৰ এটা চাবোন ফেক্টৰীৰ ফৰ্মুলা নকল কৰি চাবোন প্ৰস্তুত কৰাৰ অভিযোগ ( (Illegal soap factory in Jorhat) ৷
উল্লেখ্য যে, মৰিয়নিৰ কৃষ্ণা কোম্পানীৰ GK চাবোন ফেক্টৰীয়ে তেজপুৰৰ JK চাবোন ফেক্টৰীৰ সকলো ফৰ্মুলা নকল কৰি দীৰ্ঘদিন ধৰি প্ৰস্তুত কৰি আহিছিল চোবোন ৷ GK চাবোন ফেক্টৰীৰ বিৰুদ্ধে অস্বাস্থ্যসন্মতভাৱে চাবোন প্ৰস্তুত কৰা আৰু আনৰ ফৰ্মুলা নকল কৰাৰ বিৰুদ্ধে তেজপুৰস্থিত JK চাবোন ফেক্টৰীৰ স্বত্বাধিকাৰীয়ে তেজপুৰৰ দেৱানী আদালত ৰুজু কৰিছিল এক গোচৰ ৷
সেই গোচৰৰ ভিত্তিতে তেজপুৰৰ দেৱানী আদালতে এটা অধিবক্তাৰ দলক মৰিয়নিৰ GK চাবোন ফেক্টৰীত অভিযান চলোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ আৰক্ষীৰ সৈতে অধিবক্তাৰ দলটোৱে চলোৱা অভিযানত মৰিয়নিৰ কৃষ্ণা কোম্পানীৰ কৰ্তৃপক্ষই কোনো উপযুক্ত নথি আৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰিব নোৱাৰিলে ৷