অসম

assam

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:34 PM IST

ETV Bharat / state

Sand mining at Mariani : মৰিয়নীত বালি মাফিয়াৰ দৌৰাত্ম্য, বিমোৰত স্থানীয় ৰাইজ

ভয় ভাবুকিয়ে ৰাইজক ভীতিগ্ৰস্ত কৰিছে বালি মাফিয়াই ৷ বালি মাফিয়াৰ দৌৰাত্ম্যৰ বাবেই মৰিয়নী পৌৰসভা এলেকাৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ বাসিন্দাই জীয়াতু ভুগিব লগাত পৰিছে ৷ এই অভিযোগ অঞ্চলবাবাসীৰ ৷

Illegal sand mining at Mariani
ভয় ভাবুকিয়ে ৰাইজক ভীতিগ্ৰস্ত কৰিছে বালি মাফিয়াই

ভয় ভাবুকিয়ে ৰাইজক ভীতিগ্ৰস্ত কৰিছে বালি মাফিয়াই

যোৰহাট, 30 ছেপ্টেম্বৰ :ৰাজ্যৰ পৰা অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতো ৰাজ্যত বন্ধ হোৱা নাই অবৈধ কাৰবাৰ ৷ ড্ৰাগছ, কয়লাৰ পৰা আৰম্ভ কৰি গৰু, সাৰ আদি চোৰাংভাৱে ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসন তথা আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰিছে ৷

কিন্তু ইমানৰ পিচত এইবাৰ ৰাজ্যত অবৈধভাৱে চলোৱা বালিখনন কাৰ্য আৰু বালি কঢ়িওৱা ট্ৰাকে অতিষ্ঠ কৰি তুলিছে স্থানীয় বাসিন্দাক ৷ মৰিয়নীত বন বিভাগ আৰু বালি মাফিয়াৰ মিতিৰালিৰ থকা অভিযোগ বাবেই এতিয়া জ্বলা কলা খাইছে মৰিয়নী পৌৰসভা এলেকাৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ বাসিন্দাই । এই অভিযোগ অঞ্চলবাসীৰ ৷

6 নং ৱাৰ্ডৰ আবাসিক এলেকাৰ মাজেদি যোৱা এক মাত্ৰ পথটো বালি ভৰ্তি ডাম্পাৰৰ অতপালি বাবে জহি-খহি যাবলৈ ধৰিছে ৷ যাৰ পৰিপেক্ষিতত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকেও জীয়াতু ভুগিব লগীয়া হৈছে । উল্লেখ্য যে, বন বিভাগৰ আশীৰ্বাদতে বালি মাফিয়াৰ বিৰুদ্ধে মাত মাতিলে ঘৰৰ পৰা তুলি নিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

এই সন্দৰ্ভত মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু মৰিয়নী পৌৰসভাৰ কাৰ্যালয়ত দুবাৰকৈ লিখিত অভিযোগ দিয়াৰ পাচতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ঘৰৰ সন্মুখেদি পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈ শ শ বালি ভৰ্তি ডাম্পাৰ চলাচল কৰে উক্ত অঞ্চলটোত ৷ যাৰ ফলত 6 নং ৱাৰ্ডৰ বাসিন্দাসকল একপ্ৰকাৰে গৃহবন্দী হৈ পৰে ৷

আনহাতে, নিতৌ বিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠানলৈ যোৱাৰ সময়ত অবাধে বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰে শিক্ষাৰ্থীসকল ৷ সেয়ে ৰাজপথত দৌৰাত্ম্য চলোৱা বালি কঢ়িওৱা ডাম্পাৰসমূহক নাকী লগাবলৈ বিভাগীয় বিভাগক স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন দাবী জনাইছে ৷

লগতে পঢ়ক :Illegal sand mining:অবৈধ বালি খননৰ বিৰুদ্ধে বিভাগলৈ সকীয়নি ৰাইজৰ

ABOUT THE AUTHOR

...view details