অসম

assam

তিতাবৰ আৰক্ষীৰ জালত তিনি ধৃত তেল চোৰ

By

Published : Nov 22, 2019, 7:37 PM IST

তিতাবৰ আৰক্ষীৰ বৃহৎ সাফলতা ৷ ONGCৰ পাইপ ফুটাই তেল চুৰ কৰা তিনি চোৰক গ্ৰেপ্তাৰ তিতাবৰ আৰক্ষীৰ ৷

তিতাবৰত তেল চুৰি কৰা তিনি ধূৰ্ত গ্ৰেপ্তাৰ

যোৰহাট, 22 নৱেম্বৰ:বৃহস্পতিবাৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ সাফল্য ৷ এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই দীৰ্ঘ সময়ৰ পৰা ONGC পাইপ ফুটাই তেল চুৰ কৰা তিনি চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে নিশা মাধপুৰ ওৰাং গাঁৱৰ পৰা বসন্ত ওৰাং, বিপুল বৰদলৈ আৰু নন্দী শইকীয়াক তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

তিতাবৰত আৰক্ষীৰ বৃহৎ সাফল্য

দীৰ্ঘদিন ধৰি ONGCৰ হাজাৰ-হাজাৰ লিটাৰ তেল চুৰি কৰি আহিছিল এই দুষ্ট চক্ৰটোৱে । বৰ্তমান তিতাবৰ আৰক্ষীয়ে তিনিটা চোৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

ৰাইজৰ অভিযোগ যে, এই চুৰি কাৰ্যৰ লগত ONGC বিষয়ববীয়া জড়িত আছে নহ’লে দীৰ্ঘদিন ধৰি নিৰ্ভীক ভাৱে এনদৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম নহয় দুষ্ট চক্ৰটোৱে ৷ কিয়নো এটা নিৰ্দিষ্ট সময়ত কিমান খাৰুৱা তেল এৰি দিয়া হয় সেইয়া কেৱল ONGC কৰ্তৃপক্ষই হে জানে ৷

লগতে চাওক- গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ

ABOUT THE AUTHOR

...view details