টীয়ক, 30 অক্টোবৰ:টীয়কৰ পীড়াকটা বলমা সংযোগী পথৰ কাষৰ পুঠিনদীৰ মথাউৰিৰ দাঁতিতে এক অসাধু ব্যৱসায়ী চক্ৰই চলাইছে অবৈধ ভাৱে মাটি খনন কাৰ্য ৷ ইয়াক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ এই অবৈধ খননৰ বাবে পুঠিনদীৰ মথাউৰিটো চিঙি বাৰিষাৰ সময়ত পূৱ পীড়াকটাৰ প্ৰায় 6 খনকৈ গাঁৱৰ ৰাইজক ক্ষতিগ্ৰস্ত কৰাৰ লগতে বৃহত্তৰ কৃষিভূমি বিনষ্ট কৰিব বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে,ৰাজকোষৰ ধনেৰে এই মথাউৰিটো মেৰামতি কৰা হৈছিল যদিও বৰ্তমান চৰকাৰখনে কৃষিৰ বাবে প্ৰদান কৰা আৰু নিজে ক্ৰয় কৰা টেক্টৰৰ কেইবাজনো ট্ৰেক্টৰৰ গৰাকীয়েই চলাইছে মথাউৰিটোৰ দাতিতে অবৈধ খনন ৷ কেইবাজনো ট্ৰেক্টৰৰ গৰাকীয়ে ভু-মাফিয়াৰ সহযোগত এই পুঠিনদীৰ মথাউৰিটোৰ দাঁতিকাষৰীয়া অঞ্চলত নিজ নিজ ব্যৱসায়িক লাভালাভৰ বাবে অবৈধ খনন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
পুঠিনদীৰ মথাউৰিৰ দাঁতিৰ অবৈধ খননে শংকিত কৰিছে ৰাইজক
ৰাজকোষৰ ধনেৰে মথাউৰিটো মেৰামতি কৰা হৈছিল যদিও বৰ্তমান চৰকাৰখনে কৃষিৰ বাবে প্ৰদান কৰা আৰু নিজে ক্ৰয় কৰা টেক্টৰৰ কেইবাজনো ট্ৰেক্টৰৰ গৰাকীয়েই চলাইছে মথাউৰিটোৰ দাতিতে অবৈধ খনন ৷
পুঠিনদীৰ মথাউৰিৰ দাঁতিৰ অবৈধ খননে শংকিত কৰিছে ৰাইজক
এই ক্ষেত্ৰত বন বিভাগে কোনো কাণসাৰ নিদিয়াত বন বিভাগৰ কোনো উচ্চ পদস্থ বিষয়া ভূ-মাফিয়াৰে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে এই অবৈধ মাটি খননৰ বিৰোধিতা কৰি অতি সোনকালে প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দুষ্ট চক্ৰটোৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰিছে সংগঠনটোৰ সদস্য সকলে ৷
লগতে পঢ়কঃমাজুলীত ৰাসোৎসৱৰ শুভাৰম্ভণি