বৰছলা বিলত আৰম্ভ পক্ষী নিধন যজ্ঞ যোৰহাট,১৭ জানুৱাৰী :শীতৰ আগমনৰ লগে লগে যোৰহাট জিলাৰবৰছলা, পটিয়াছলা আদি অঞ্চলত এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যায় । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই আকৰ্ষণ কৰে বিভিন্নজনক । বিশেষকৈ সেই স্থানলৈ অহা দেশী-বিদেশী পক্ষী চাবলৈ বহু লোকে ভিৰ কৰে (Migratory birds in Jorhat)। কিন্তু এতিয়া সংকটত পৰিভ্ৰমী পক্ষীবোৰ । একাংশ দুষ্টচক্ৰই অঞ্চলটোত আৰম্ভ কৰিছে পক্ষী নিধন যজ্ঞ ।
উল্লেখ্য যে যোৰহাট নগৰৰ পৰা কিছু নিলগত থকা নিমাতি অঞ্চলত ১০০ হেক্টৰ ভূমিৰে আৱৰি থকা বৰছলা, পটিয়াছলা, ১নং আৰু ২ নং বিলত প্ৰতিবছৰে দেশী-বিদেশী নানা ধৰণৰ পৰিভ্ৰমী পক্ষীয়ে বাহৰ পাতে । দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ কলকলনিতক মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো । পৰিভ্ৰমী পক্ষীৰ এই কলকলনি শব্দ অঞ্চলটোৰ ৰাইজক আপ্লুত কৰি আহিছে । লগতে পৰ্যটকসকলকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
কিন্তু হাজাৰ হাজাৰ কিলোমিটাৰ বাট অতিক্ৰম কৰি অহা সেই পক্ষীবোৰ এতিয়া সংকটৰ গৰাহত । কাৰণ একাংশ দুষ্টচক্ৰৰ বাবে এই পৰিভ্ৰমী পক্ষীবোৰ খাদ্যত পৰিণত হৈছে (Illegal hunting of migratory birds)। প্ৰকৃতিৰ কথা চিন্তা নকৰি দুষ্ট প্ৰকৃতিৰ লোকসকলে পক্ষীবোৰ নিধন কৰিবলৈ আৰম্ভ কৰিছে । পক্ষীৰ মাংসৰ ৰমৰমীয়া বেহাও আৰম্ভ কৰিছে দুষ্টচক্ৰটোৱে ।
অঞ্চলটোৰ ৰাইজে জনোৱা মতে যোৰহাট নগৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া উক্ত বিল-জলাশয়সমূহত শীতৰ সময়ত দেশী-বিদেশী পৰিভ্ৰমী পক্ষীবোৰৰ আগমন হয় । নিমাতি অঞ্চলত থকা জলাশয় আৰু বিলসমূহত বিশেষকৈ হাড়গিলা, দেওহাঁহ, ৰাজহাঁহআদিৰ লগতে বিদেশী নানান প্ৰজাতিৰ পক্ষীবোৰ দেখা যায় । থাইলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া আদি দেশৰ পৰাৰ এই পৰিভ্ৰমী পক্ষীবোৰ আহে বুলি স্থানীয় লোকসকলে জনাইছে ।
কিন্তু উক্ত জলাশয়সমূহৰ কাষতেই গঢ়ি উঠা বনভোজস্থলী বা পাৰ্কসমূহত নিশালৈ উচ্চ স্বৰত গান বজোৱা আৰু লেজাৰ লাইটৰ ব্যৱহাৰৰ বাবেই পৰিভ্ৰমী পক্ষীবোৰৰ বাবে আন এক বিপদ কঢ়িয়াই আনিছে । ইয়াৰ উপৰিও একাংশ দৃস্কৃতিকাৰীয়ে বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি পৰিভ্ৰমী পক্ষীসমূহ নিধন কৰাৰ লগতে মাংসৰ এক ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে । এনে পৰিস্থিতিত স্থানীয় ৰাইজ লগতে দল-সংগঠনসমূহে বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।
বৰছলা বিল,পটিয়াছলা বিল আদিত যাতে পক্ষীবোৰে সুৰক্ষিতভাৱে বাহৰ পাতিব পাৰে তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । লগতে পক্ষী নিধনত জড়িত লোকসকলৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় দল-সংগঠনসমূহে আহ্বান জনাইছে ।
লগতে পঢ়ক :Gamblers Arrested at Goreswar: গোৰেশ্বৰত বিহুৰ দিনাই 9 জুৱৰী আটক