যোৰহাট, 9 এপ্ৰিল: 'অখিল গগৈক কেইবাবাৰো ধন দিবৰ চেষ্টা কৰিছিল যদিও সেই ধন অখিল গগৈয়ে লোৱা নাছিল ৷' মৰিয়নীত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিধায়ক ৰূপ জ্যোতি কুৰ্মীৰ ৷ লগতে এইবাৰ কংগ্ৰেছে অসমত 14 খন আসন লাভ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বিধায়ক গৰাকীয়ে ৷ বিজেপি চৰকাৰে বিগত নিৰ্বাচনৰ সময়ছোৱাত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যাৰ বাবে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰ খনৰ ওপৰত বিশ্বাস হেৰুৱাইছে ৰাইজে ফলত এতিয়া জাতীয় সংগঠনৰ লগতে অগপৰ তৃণমূল কৰ্মী, জ্যেষ্ঠ নাগৰিককে আদি কৰি বহু লোক কংগ্ৰেছৰ বাবে ওলাই আহিছে আৰু কংগ্ৰেছক পূৰ্ণ সমৰ্থন জনাইছে ৷
অখিল গগৈক ধন দিবলৈ চেষ্টা কৰিছিলোঁ, তেওঁ লোৱা নাছিল ! - মৰিয়ণী
'অখিল গগৈক কেইবাবাৰো ধন দিবৰ চেষ্টা কৰিছিল যদিও সেই ধন অখিল গগৈয়ে লোৱা নাছিল ৷' মৰিয়নীত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিধায়ক ৰূপ জ্যোতি কুৰ্মীৰ ৷
অখিল গগৈক কেইবাবাৰো ধন দিবৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ কেতিয়াও লোৱা নাছিল: ৰুপজ্যোতি কূৰ্মী
অখিল গগৈৰ সন্দৰ্ভত কুৰ্মীয়ে কয় যে বিগত সময়চোৱাত বহুবাৰ সংগঠন চলাবলৈ কুৰ্মীয়ে ধন দিবৰ চেষ্টা কৰিছিল যদিও অখিল গগৈয়ে সেই ধন লোৱা নাছিল। বিজেপিয়ে কৃষক নেতা গৰাকীয়ে ধন লোৱাৰ ভুৱা প্ৰচাৰ চলাইছে বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷ সোমবাৰে কুৰ্মীৰ এই সংবাদমেলত বিজেপি,এজিপি, আৰু অন্যান্য দলৰ বহুকেইজন লোকে কংগ্ৰেছত যোগদান কৰে ৷