যোৰহাট, 15 জানুৱাৰীঃনাগৰিকত্ব সংশোধনী আইন, 2019 আৰু কাৰাৰুদ্ধ নেতাসকলক মুক্তিৰ দাবীত মঙলবাৰে অৰ্থাৎ উৰুকাৰ দিনাৰ পৰা যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ যোৰহাটৰ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে বেনাৰ লগাই অনশনত বহা 24 ঘন্টা সমাপ্ত হ'ল ৷
সমাপ্ত হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 24 ঘন্টীয়া অনশন - hunger strike by KMSS
নাগৰিকত্ব সংশোধনী আইন 2019 আৰু কাৰাৰুদ্ধ নেতাসকলক বিনাচৰ্তে মুক্তিৰ দাবীত যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷
অনশন
CAA আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক বিনাচৰ্তে মুক্তিৰ দাবীত বছৰেকীয়া বিহু পৰিহাৰ কৰি সংগঠনটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহে ৷ তেওঁলোকে স্পষ্ট দাবী কৰে যে, এই বিতৰ্কিত আইনখন তেওঁলোকে কোনো কাৰণতে নামানে, তথা ৰাজ্যত প্ৰযোজ্য হ'বলৈ নিদিয়ে ৷ বিজেপি চৰকাৰৰ দমনমুলক নীতিৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈয়ো জংগি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷