যোৰহাট, 9 জুন: দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে বিগত ৭৬ দিন বন্ধ হৈ আছে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ ৷ যাৰ বাবে তীব্ৰ অৰ্থ সংকটত পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰ সমুহৰ মালিক তথা প্ৰক্ষিশক সকল ৷ ইতিমধ্যে লক ডাউন পঞ্চম চলি থকাৰ সময়ত শ্বপিং মল,ৰেষ্টোৰেন্ট, পাৰ্লাৰ আদি পুনৰ মুকলি কৰিবৰ বাবে অনুমতি দিয়া হৈছে যদিও শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ মুকলি কৰিবলৈ দিয়া নাই ৷ উপায়হীন হৈ ইয়াৰ উচিত সমাধানৰ দাবীৰে মঙলবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ শৰীৰৰ চৰ্চা কেন্দ্ৰৰ মালিক আৰু প্ৰশিক্ষকসকলে ৷
শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলিৰ দাবীৰে যোৰহাটত অনশন - Hunger strick at Jorhat demanding permission to re open the Gym
অনতিপলমে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলি কৰি নিদিলে অনাগত সময়ত জংগীৰ পৰা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সকলে ৷
উল্লেখ্য যে,শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহৰ সৰহ ভাগেই ভাড়া ঘৰত চলি থকা ৷ বিগত ৭৬ দিন বন্ধ হৈ থকাৰ ফলত এতিয়া ভাড়া দিবলৈ অপৰাগ হৈ পৰিছে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহৰ মালিকসকলে ৷ লগতে অৰ্থ সংকটত পৰিছে শৰীৰৰ চৰ্চা কেন্দ্ৰৰ মালিক আৰু প্ৰশিক্ষক সকল ৷ ইয়াৰ উপযুক্ত বিচাৰ কৰিবৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে প্ৰতিবাদকাৰী সকলে ৷ অনতিপলমে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলি কৰি নিদিলে অনাগত সময়ত ইয়াতকৈ জংগীৰ পৰা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সকলে ৷
লগতে পঢ়কঃ মহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক
TAGGED:
পুনৰ বহিল প্ৰতিবাদত।।