অসম

assam

ETV Bharat / state

আজৱ কাণ্ডঃ মৃতদেহৰ পৰা গহণা চুৰি কৰি আৰক্ষীৰ জালত যুৱক - নিৰাপত্তাৰক্ষী

যোৰহাটৰ মিছন চিকিৎসালয়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ মৃত মহিলা ৰোগীৰ কাণৰ পৰা পৰিয়ালৰ অজ্ঞাতে সোণৰ কাণফুলি খুলি নিয়ে চিকিৎসালয়খনৰ সুৰক্ষাত নিয়োজিত ডেভিদ নামৰ এজন নিৰাপত্তাৰক্ষীয়ে ৷ সমগ্ৰ ঘটনাতো চি চি টিভিৰ কেমেৰাত বন্দী হোৱাৰ পিছতে চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷

Hungama at jorhat mission hospital
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

By

Published : Feb 21, 2020, 3:25 PM IST

Updated : Feb 21, 2020, 4:37 PM IST

যোৰহাট,21 ফেব্ৰুৱাৰীঃ যোৰহাটৰ মিছন চিকিৎসালয়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ মানৱতাক লজ্জানত কৰা এটি ঘটনা সংঘটিত হ’ল যোৰহাটত ৷ মৃত মহিলা ৰোগীৰ কাণৰ পৰা পৰিয়ালৰ লোকৰ অজ্ঞাতে সোণৰ কাণফুলি খুলি নিয়ে চিকিৎসালয়খনৰ সুৰক্ষাত নিয়োজিত ডেভিদ নামৰ এজন নিৰাপত্তাৰক্ষীয়ে ৷ সমগ্ৰ ঘটনাতো চি চি টিভিৰ কেমেৰাত বন্দী হোৱাৰ পিছতে চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ নিৰাপত্তাৰক্ষীজন ত্ৰিশূল নামৰ সুৰক্ষা এজেঞ্চি এটাৰ পৰা নিয়োজিত কৰা হৈছিল ৷

উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

উল্লেখ্য যে,বৃহস্পতিবাৰে মহিলা ৰোগীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত ৷ ইয়াৰ পিছতে মহিলাগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে ৷ মহিলাগৰাকী বাঘচুঙৰ দুলুমণি বৰা বুলি জানিব পৰা গৈছে ৷

লগতে চাওকঃপুনৰ হাগ্ৰামা মহিলাৰীয়েই বিটিচিৰ মুখ্য কাৰ্যবাহী হ’বঃ বিপিএফ

Last Updated : Feb 21, 2020, 4:37 PM IST

ABOUT THE AUTHOR

...view details