অসম

assam

ETV Bharat / state

বৰঙণিৰ টকাৰে সংগীবৃন্দ-৯২ বিহু কমিটিয়ে কিনিলে এম্বুলেঞ্চ

সংগীবৃন্দ ৯২ নামৰ বিহু কমিটিয়ে বিহু সন্মিলন বাতিল কৰি সন্মিলনখন অনুষ্ঠিত কৰিবলৈ সংগ্ৰহ কৰা টকাৰে ক্ৰয় কৰিলে এখন এম্বুলেঞ্চ ৷ ক'ভিডৰ এই জটিল সময়ত সাধাৰণ লোক সুবিধা হোৱাকৈ বিহু সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে সংগ্ৰহ কৰা বৰঙণি মুঠ ৬ লাখ ৪০ হাজাৰ টকাৰে এখন এম্বুলেঞ্চ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগীবৃন্দ ৯২ নামৰ বিহু কমিটিখনে ৷

By

Published : Apr 23, 2021, 7:42 PM IST

বৰঙণি টকাৰে সংগীবৃন্দ ৯২ বিহু কমিটিয়ে কিনিলে এম্বুলেঞ্চ
বৰঙণি টকাৰে সংগীবৃন্দ ৯২ বিহু কমিটিয়ে কিনিলে এম্বুলেঞ্চ

যোৰহাট, 23 এপ্ৰিল :যোৰহাটৰ কেন্দুগুৰিত জন্ম লাভ কৰা সংগীবৃন্দ ৯২ নামৰ বিহু কমিটিখনে বিহু সন্মিলন বাতিল কৰি সন্মিলনখন অনুষ্ঠিত কৰিবলৈ সংগ্ৰহ কৰা টকাৰে ক্ৰয় কৰিলে এখন এম্বুলেঞ্চ ৷ ক'ভিডৰ এই জটিল সময়ত সাধাৰণ লোক সুবিধা হোৱাকৈ বিহু সন্মিলন অনুষ্ঠিত নকৰি এখন এম্বুলেঞ্চ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগীবৃন্দ ৯২ নামৰ বিহু কমিটিয়ে ৷

বৰঙণিৰ টকাৰে সংগীবৃন্দ-৯২ বিহু কমিটিয়ে কিনিলে এম্বুলেঞ্চ

জানিব পৰা মতে কেন্দুগুৰি বিহু সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে বৰঙণি সংগ্ৰহ হৈছিল মুঠ ৬ লাখ ৪০ হাজাৰ টকা ৷ এই টকাৰ ক্ৰয় কৰা এম্বুলেঞ্চখন আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয় ৷

এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ উল্লেখ্য যে, 2016 চনত যোৰহাটৰ কেন্দুগুৰিস্থিত ঐতিহাসিক ৰেৱকান্ত হাইস্কুলৰ ৯২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে খোলা এটা ৱাটচ এপ গ্ৰুপৰ নাম দিয়া হৈছিল সংগীবৃন্দ ৯২ ৷ পৰৱৰ্তী সময়ত সংগীবৃন্দ ৯২ নামেৰে এখন বিহু কমিটি গঠন কৰা হয় ৷

লগতে পঢ়ক: এণ্টিলিয়া কাণ্ড:গ্ৰেপ্তাৰ আন এগৰাকী আৰক্ষী

ABOUT THE AUTHOR

...view details