তিতাবৰ , 04 মে':তিতাবৰ মহকুমা অন্তৰ্গত অসম নগালেণ্ড সীমান্তত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ৷ চাহ জনগোষ্ঠীৰ লোকক কাম দিয়াৰ প্ৰলোভনৰে বিক্ৰী কৰে দালাল চক্ৰটোৱে ৷ তিতাবৰ মহকুমাৰ অন্তৰ্গত পানীখেতি বনুৱা গাঁৱত এনে এক ঘটনাৰ কথা পোহৰলৈ আহিছে ৷ মহকুমা প্ৰশাসন তথা দল সংগঠনৰ গুৰুত্বহীনতাৰ অভিযোগ ৷
তিতাবৰত সক্ৰিয় মানৱ সৰবৰাহকাৰী
ৰাজ্যৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰীৰ দল ৷ চাহ জনগোষ্ঠীৰ লোকক কাম দিয়াৰ প্ৰলোভনৰে বিভিন্ন ঠাইত এজেন্টৰ জৰিয়তে বিক্ৰী কৰি আহিছে যুৱতীসকলক ৷
চাহ জনগোষ্ঠী লোকক এটা মানৱ সৰবৰাহকাৰী চক্ৰই সহজে কামৰ প্ৰলোভন দি গুৱাহাটী তথা দিল্লী, ৰাজস্থান আদিত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তেনে সময়তে পানীখেতি বনুৱা গাঁৱৰ এগৰাকী নাবালিকাক পোন্ধৰ বছৰৰ পূৰ্বে মেৰাপানীৰ এজন এজেন্টে কাম দিয়াৰ প্ৰলোভন দি গুৱাহাটীত বিক্ৰী কৰাৰ অভিযোগ দিয়ে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে ৷ নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকক এবাৰ লগ পাঁওতে জনায় তেঁওক এজেন্ট এজনে 50 হাজাৰ টকাত বিক্ৰী কৰাৰ কথা ৷ কিন্তু দুখৰ বিষয় যে অসম আৰক্ষীৰ হাতত এই সন্দৰ্ভত কোনো তথ্য নাই কিয়নো সহজ সৰল আদিবাসী লোক সকলে আৰক্ষীৰ দুব্যৱহাৰৰ বাবে আৰক্ষীৰ কাষ নাচাপে ৷