অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটত মানৱ শৃংখল - নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটত মানৱ শৃংখল

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে যোৰহাটৰ ৰাজপথত নামিল কা বিৰোধী ঐক্য মঞ্চ । যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক ঐক্যমঞ্চৰ কৰ্মীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

নাগৰিকত্ব সংশোধনী আইন
মানৱ শৃংখল

By

Published : Jan 30, 2020, 6:06 PM IST

যোৰহাট, 30 জানুৱাৰীঃপুনৰ কা বিৰোধী প্ৰতিবাদৰ ঢৌত উত্তাল হৈছে ৰাজ্য । বিতৰ্কিত আইনখনৰ বিৰুদ্ধে বৃহস্পতিবাৰে যোৰহাটৰ ৰাজপথত নামিল কা বিৰোধী ঐক্যমঞ্চ । যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক ঐক্যমঞ্চৰ কৰ্মীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মানৱ শৃংখল

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ বাবে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰিবলৈ প্ৰতিবাদকাৰীসকলে চৰকাৰক দাবী জনাইছে ৷ লগতে কোনো কাৰণত আইনখন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ঐক্যমঞ্চই । আইনখন বাতিল নোহোৱা পৰ্যন্ত এই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে কা বিৰোধী ঐক্যমঞ্চই ।

লগতে চাওকঃকৰ’ণা ভাইৰাছৰ বাবে ভাৰতৰ 21 টা বিমান বন্দৰত বিশেষ সতৰ্কতা

ABOUT THE AUTHOR

...view details