অসম

assam

গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

By

Published : Jan 26, 2020, 2:09 PM IST

যোৰহাটত গণৰাজ্য দিৱসৰ দিনটোতে ব্যতিক্ৰমী পন্থাৰে প্ৰতিবাদ কৰিলে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় জনতাই ৷ যোৰহাট উপায়ুক্ত কাৰ্যালয় সন্মুখত "মানৱ শৃংখল" গঢ়ি সাব্যস্ত কৰে প্ৰতিবাদ ৷

যোৰহাট
গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

যোৰহাট, 26 জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে যোৰহাটতো জিলা প্ৰশাসনে উলহ মালহৰে উদযাপন কৰে গণৰাজ্য দিৱস । জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই । কিন্তু এই গণৰাজ্য দিৱসৰ দিনটো ব্যক্তিক্ৰম ৰূপ দেখা পোৱা গ'ল যোৰহাট উপায়ুক্ত কাৰ্যালয় সন্মুখত । যোৰহাটৰ ৰাইজ তথা বহু কেইটা জাতীয় সংগঠনে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত "মানৱ শৃংখল" গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এনেদৰে গণৰাজ্য দিৱসৰ দিনটো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

ABOUT THE AUTHOR

...view details