অসম

assam

ETV Bharat / state

Naga student union seized liquor: অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত নিষিদ্ধ বিদেশী সুৰাৰ বন্যা - নাগালেণ্ডত নিষিদ্ধ বিদেশী সুৰাৰ বন্যা

সুৰা নিষিদ্ধ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বিদেশী সুৰাৰ বন্যা । অসম আৰক্ষী অথবা নাগালেণ্ড আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে নাগালেণ্ডৰ সামাজিক সংগঠনে । প্ৰায় 40 লাখ টকা মূল্যৰ সুৰা জব্দ কৰি এক্সেভেটৰৰে পুতিলে গাঁত ।

Naga student union seized liquor
নাগালেণ্ডত বিদেশী সুৰাৰ বন্যা

By

Published : May 12, 2023, 10:46 AM IST

তিতাবৰ, 12 মে’ :গাড়ীয়ে গাড়ীয়ে ওলাইছে সুৰা । এক বা দুই কাৰ্টন নহয় । শ শ কাৰ্টনে কাৰ্টনে ওলাইছে বিদেশী সুৰা । সুৰা নিষিদ্ধ নাগালেণ্ডত জব্দ হৈছে এই সুৰাৰ অবাধ ভাণ্ডাৰ । পিছে সুৰা জব্দ কৰাই নহয়, সুৰাৰ বটলৰ ওপৰত চলিছে এক্সেভেটৰো । এটা এটাকৈ নষ্ট কৰা হৈছে নামী দামী বহু সুৰাৰ বটল । আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এইবাৰ স্থানীয় মহিলা আৰু ছাত্ৰ সংগঠনে ।

দুদিনমান পূৰ্বে মেৰাপানী সীমান্তৰ কাষৰীয়া নাগালেণ্ডৰ ভাণ্ডাৰীত নাগা ষ্টুডেন্ট ইউনিয়ন, নাগা মাতৃ গোট আৰু ভাণ্ডাৰীৰ ল’থা হো হো ৰ প্ৰতিনিধিয়ে জব্দ কৰে প্ৰায় 40 লাখ টকা মূল্যৰ সুৰা (Huge amount of liquor seized and destroy in Nagaland)। বৃহস্পতিবাৰে অৱশেষত এই জব্দ কৰা সুৰাসমূহ আৰক্ষীৰ হাতত গতাই নিদি ৰাইজে নিজেই উদ্যোগ গ্ৰহণ কৰি এক্সেভেটৰে গাঁত খান্দি পুতিলে হাজাৰ বটল অবৈধ সুৰা ।

এতিয়া প্ৰশ্ন হয়, সুৰা নিষিদ্ধ নাগালেণ্ডলৈ অসমৰ পৰা মেৰাপানী সীমায়েদি কেনেকৈ পাৰ হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা ? মেৰাপানী আৰক্ষী থানা, সীমান্তত নিয়োজিত চি আৰ পি এফ আৰু নাগালেণ্ড আৰক্ষীৰ তালাচী চকী অতিক্ৰম কৰি কিদৰে নাগালেণ্ডৰ বিভিন্ন জিলালৈ সৰবৰাহ হয় সুৰা ? এইক্ষেত্ৰত সংগঠনকেইটাই কেইবাজনো গাড়ী চালকক আটক কৰাৰ পাচতেই পোহৰলৈ আহিছে কিছু ভয়ংকৰ তথ্য ।

নাগালেণ্ডত বিদেশী সুৰাৰ বন্যা

অসমৰ বহু নামী-দামী নেতা-পালি নেতা জড়িত হৈ আছে এই ব্যৱসায়ত ৷ এই অভিযোগ সংগঠনকেইটাৰ । আনকি অভিযোগ অনুসৰি, অসম আৰক্ষী, চি আৰ পি এফ আৰু নগা আৰক্ষীকো মেনেজ কৰি বুজন পৰিমাণৰ সুৰা সৰবৰাহ কৰে চক্ৰটোৱে ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিখনৰ সুৰাভৰ্তি বাহনৰ পৰা সুৰা সৰবৰাহৰ বিনিময়ত নগা আৰক্ষীয়ে লাভ কৰে সাত হাজাৰকৈ টকা । এই বাতৰি পোহৰলৈ অহাৰ পাচতে চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷ সম্প্ৰতি আৰক্ষীয়ে কৰিব নোৱাৰা এটা ভাল কাম দেখুৱাবলৈ সক্ষম হয় নগাসকলৰ কেওটা সংগঠনে ।

লগতে পঢ়ক :Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

ABOUT THE AUTHOR

...view details