কেৱল কণ্ঠৰে নহয় মেধাৰেও উজলিল যোৰহাটৰ সুকন্যা - assam news
যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ পৰা অৱতীৰ্ণ সুকণ্যাই 470 নম্বৰৰে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় । যোৰহাটৰ ডি বি বি ৰোডস্থিত ৰমেন ফুকন আৰু পূৰ্ণিমা ফুকনৰ কন্যা সুকন্যা ৷ উল্লেখযোগ্য যে, ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা সুকন্যা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা
![কেৱল কণ্ঠৰে নহয় মেধাৰেও উজলিল যোৰহাটৰ সুকন্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3381327-738-3381327-1558791388319.jpg)
যোৰহাট, 25 মে': শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত যোৰহাট জিলাৰ 9 জনকৈ শিক্ষাৰ্থীয়ে আজুৰি আনিলে গৌৰৱ । ইয়াৰ ভিতৰত এগৰাকী ছাত্ৰী সুকন্যা ফুকন ৷ যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ পৰা অৱতীৰ্ণ সুকণ্যাই 470 নম্বৰৰে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় । যোৰহাটৰ ডি বি বি ৰোডস্থিত ৰমেন ফুকন আৰু পূৰ্ণিমা ফুকনৰ কন্যা সুকন্যা ৷ উল্লেখযোগ্য যে, ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা সুকন্যা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কন্ঠৰে সুকীয়া পৰিচয় দাঙি ধৰা সুকন্যা এইবাৰ পুনৰ ইণ্ডিয়ান আইডলৈ যাব প্ৰস্তুতি চলাইছে ।