যোৰহাট, 11 ডিচেম্বৰ: ৰাজ্যৰ চিকিৎসাখণ্ডৰ নতুন সংযোজন Hospital Management Information System ৷ দেওবাৰে ৰাজ্যৰ প্ৰথম Hospital Management Information System যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শুভ উদ্বোধন কৰে বিত্তমন্ত্ৰী তথা আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে(Minister Ajanta Neog) ৷
উল্লেখ্য যে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ দেওবাৰে যোৰহাটত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ ৷ তাৰ অংশ স্বৰূপে চিকিৎসা মহাবিদ্যালয়খনত এই পদ্ধতিৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই Hospital Management information system ৷
এই ব্যৱস্থাই যোৰহাট চিকিৎসা মহাবিদ্যলয়ৰ বহু সমস্যা সমাধান কৰিব বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে(Jorhat Medical College Hospital) ৷ সম্পূৰ্ণ ডিজিটেল হ’ব এই তথ্য প্ৰণালী ৷ চিকিৎসালয়খনলৈ অহা সকলো ৰোগীয়ে এতিয়াৰে পৰা যাৱতীয় তথ্য এই প্ৰণালীৰ জড়িয়তে লাভ কৰাৰ লগতে সকলো কাম ডিজিটেল প্ৰক্ৰিয়াৰে সমাপন কৰিব পাৰিব ৷