অসম

assam

ETV Bharat / state

গণ মৃত্যু শাম কটাৰ দিশত

হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা

যোৰহাট চিকিৎসা মহাবিদ্যালয়

By

Published : Feb 26, 2019, 3:15 PM IST

যোৰহাট, ২৬ ফেব্ৰুৱাৰী: বিষাক্ত চুলাই মৃত্যুৰ শীতল পৰশ শাম কাটিছে কিয়নো ক্ৰমান্বয়ে হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা। শতিকাৰ কৰূণ ঘটনাটোত গোলাঘাট আৰু যোৰহাটৰ বৰহোলাত ডেৰশত কৈও অধিক লোকে প্ৰাণ হেৰুৱাইছিল ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ২৪৭ গৰাকী চিকিৎসাধীন ব্যক্তি ভৰ্তি আছে । ইয়াৰে ২২০ গৰাকী পূৰুষ,২৭ গৰাকী মহিলা। ইতিমধ্যে জে এম চিৰ চিকিৎসকে জনোৱা অনুসৰি ৩৬ জন ৰোগীক সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। ইপিনে বৰ্তমান সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৩ গৰাকী ৰোগী এই পৰ্যন্ত সংকট জনক অৱস্থাত আছে।উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৭৮ জনৰ মৃত্যু হৈছিল। আনহাতে ২২ জন লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাত আদ-বাটতে মৃত্যুক আকোঁৱালি লৈছিল।

ABOUT THE AUTHOR

...view details