অসম

assam

ETV Bharat / state

যোৰহাটত গ্ৰেপ্তাৰ হনীট্ৰেপীং চক্ৰ - jorhat honey trapping group

যোৰহাটৰ তৰাজান গায়ন গাঁৱৰ প্ৰগতি পথত পথাৰৰ মাজত থকা এটা ভাড়াঘৰৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাসহ চাৰিজন লোকক

যোৰহাটত গ্ৰেপ্তাৰ হনীট্ৰেপীং চক্ৰ

By

Published : Nov 20, 2019, 5:47 PM IST

Updated : Nov 20, 2019, 7:08 PM IST

যোৰহাট,20 নৱেম্বৰঃ যোৰহাট চহৰত গ্ৰেপ্তাৰ শিৱসাগৰৰ এটা হনীট্ৰেপীং দল। যোৰহাটৰ তৰাজান গায়ন গাঁৱৰ প্ৰগতি পথত পথাৰৰ মাজত থকা এটা ভাড়াঘৰৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাসহ চাৰিজন লোকক।

ঘটনাস্থলীৰ পৰা এগৰাকী যুৱতী পলায়ন কৰিবলৈ সক্ষম হয় যদিও যোৰহাট আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ আনহাতে,মামুন আলি,আবিদুৰ আলি,বিকাশ ভৰালী,চৰিফুল আলিৰ লগতে জুন বৰা আৰু নিৰু গগৈ নামৰ লোক কেইজন গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধ-পোছ আৰম্ভ কৰিছে আৰক্ষীয়ে।

যোৰহাটত গ্ৰেপ্তাৰ হনীট্ৰেপীং চক্ৰ

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ ব্যক্তিৰে গঠিত হনীট্ৰেপীং দলটোৱে বিগত সময়ছোৱাত বিভিন্ন লোকক নিজৰ জালত পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিৰু গগৈ নামৰ মহিলা গৰাকীয়ে তৰাজান গায়ন গাৱৰ ভাড়াঘৰত বিশেষ সুবিধা প্ৰদান কৰি হনীট্ৰেপীং চক্ৰক সুবিধা দি অহাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে হনীট্ৰেপীং চক্ৰটোৱে ব্যৱহাৰ কৰা এখন AS-01AA-4423 নম্বৰৰ এখন স্ক'ৰপিঅ' জব্দ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

যোৰহাটত গ্ৰেপ্তাৰ হনীট্ৰেপীং চক্ৰ

লগতে চাওকঃহোজাই লাভ-জেহাদ কাণ্ড: আৰক্ষী অধীক্ষকৰ সংবাদমেল

Last Updated : Nov 20, 2019, 7:08 PM IST

ABOUT THE AUTHOR

...view details