যোৰহাট, ৩ মাৰ্চ :অঘৰীৰ জীৱন যাপন কটাবলগীয়া হৈছে অসম আন্দোলনৰ এগৰাকী সক্ৰিয়া নেতাই (Life struggle of Assam movement leader)। হোটেলৰ পেলনীয়া খাদ্য সংগ্ৰহ কৰি খাই কোনোমতে জীয়াই আছে নেতাগৰাকী । বাট-পথ আৰু জংঘলকে সাৰথি কৰি বাসস্থানৰূপে ব্যৱহাৰ কৰি লৈছে এসময়ৰ অসম আন্দোলনৰ নেতাগৰাকীয়ে ।
শেহতীয়াকৈ তেওঁৰ এই দুৰ্বিষহ জীৱন যাপন সম্পৰ্কে সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল । তেওঁৰ খবৰ পোৱাৰ পাছতে সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন । অসম আন্দোলনত অংশগ্ৰহণ কৰা যোৰহাটৰ এই ব্যক্তিগৰাকী হৈছে আলিমুদ্দিন আলী (Jorhat Alimuddin Ali)। সংবাদমাধ্যমৰ আগত তেওঁ জনোৱা মতে, অসম আন্দোলনত তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল । আনকি সেই সময়ত স্বেচ্ছাসেৱকৰ অধিনায়কৰ দায়িত্বও তেওঁ পালন কৰিছিল ।
অসম আন্দোলনত জড়িত হোৱাৰ বাবে তেওঁ কাৰাবাসও খাটিবলগীয়া হৈছিল । কেৱল ইমানে নহয় অসম আন্দোলনৰ বাবে নিজৰ চৰকাৰী চাকৰিও হেৰুৱাবলগীয়া হৈছিল আলিমুদ্দিন আলীয়ে । যোৰহাট জিলাৰ চিনামৰাত দিগন্ত দত্ত নামৰ এগৰাকী সচেতন লোকে আলিমুদ্দিন আলীক হোটেলৰ পেলনীয়া খাদ্য লৈ অহা প্ৰত্যক্ষ কৰিছিল । পাছত দিগন্ত দত্তই তেওঁক সোধাপোছা কৰাত ওলাই পৰে আলিমুদ্দিনৰ জীৱন সংগ্ৰামৰ কথা ।
লগে লগে দিগন্ত দত্তই বিষয়টো সামাজিক মাধ্যমত উল্লেখ কৰে । ব্যক্তিগৰাকীৰ সামাজিক মাধ্যমৰ পোষ্টটো পঢ়ি এইবাৰ আলিমুদ্দিনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন । অসম আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা আলিমুদ্দিন আলীৰ বৰ্তমান নাই কোনো নিজা ঘৰ । নাই কোনো পৰিয়ালৰ লোক ।