অসম

assam

ETV Bharat / state

টীয়কত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি নাম-কীৰ্তন - Teok holy song for elephant prevention

বিগত কিছুদিনৰ পৰা টীয়কৰ মেলং, চটাই আদি অঞ্চলত নিশা চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ যাৰ বাবে অঞ্চলবাসীয়ে বিগত প্ৰায় এসপ্তাহ ধৰি ওৰে নিশা আতংকৰ মাজৰে পাৰ কৰিবলগীয়া হৈছে সময় ।

holy song for elephant prevantion at teok
টীয়কত বন্যহস্তীৰ সন্ত্ৰাস

By

Published : Dec 6, 2019, 11:14 PM IST

টিয়ক, 6 ডিচেম্বৰ :টীয়কৰ মেলং, চটাই আদি অঞ্চলত বিগত কিছুদিনৰ পৰা নিশা চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ নিশা হ'লেই ঘৰ দুৱাৰ ভঙাৰ লগতে খেতি-বাতি নষ্ট কৰাৰ ফলত সমগ্ৰ অঞ্চলবাসীয়ে ওৰে নিশা আতংকৰ মাজৰে পাৰ কৰিবলগীয়া হৈছে । পথাৰৰ সোণগুটি চপোৱাৰ সময় আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ প্ৰাকক্ষণত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ নেতৃত্বত অঞ্চলটোৰ সমূহ ৰাইজে নাম-কীৰ্তন কৰি নেদেখাজনৰ ওচৰত নবৈদ্য আগবঢ়াই ৷ বিগত প্ৰায় এসপ্তাহ ধৰি হাতীৰ জাকটোৱে নিশা ঘৰ-বাৰী তচনচ কৰি আহিছে ৷ উল্লেখ্য যে, মেলং অঞ্চলৰ এজন ব্যক্তিৰ শুই থকা অৱস্থাতে হাতীৰ গছকত প্ৰাণ যায় ৷ বন বিভাগে অঞ্চলটোত পহৰাৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ পৰা হাতীৰ জাকটো সম্পূৰ্ণৰূপে আঁতৰাই নিয়ালৈ বৰ্তমানলৈ সক্ষম হোৱা নাই ৷

টীয়কত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিছাৰি নাম-কীৰ্তন

ABOUT THE AUTHOR

...view details