টীয়ক, 12 জুলাই :বান বিধ্বস্ত টীয়কৰ ঘোঁৰাচোৱা ৰাইজে নাৱেৰে সমবেত হৈ দেওবাৰে কৃষক নেতা অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত শৰাই আগবঢ়ায় । উল্লেখ্য যে, কৃষক নেতাগৰাকীৰ লগতে ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱালো কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
কৃষক নেতা কেইগৰাকীক চৰকাৰে ষড়যন্ত্ৰ কৰি কাৰাগাৰত কৰ’ণাৰ বীজাণু বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে একাংশই তেওঁলোকৰ মৰমৰ নেতাগৰাকীৰ আৰোগ্য কামনা কৰিছে ।