ভাইৰেল ভিডিঅ'ক লৈ হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিক্ৰিয়া - যোৰহাট
আৰক্ষীক অশালীন আাচৰণ কৰা যোৰহাটৰ ৰাজা বাইলুংৰ ভাইৰেল ভিডিঅ' আৰু ফটোৰ সম্পৰ্কত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিক্ৰিয়া ৷ অভিযুক্ত তেওঁৰ আত্মীয় হ'লেও উচিত তদন্ত কৰাৰ আহ্বান অধ্যক্ষগৰাকীৰ ৷

যোৰহাট,24আগষ্টঃ চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা যোৰহাটৰ এটা ভিডিঅ'ই সমগ্ৰ ৰাজ্যতে খলকনিৰ সৃষ্টি কৰিছে । ইতিমধ্যে এই ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰি বিশেষ চৰ্চাও লাভ কৰিছে । যোৰহাট আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছিল ৰাজা বাইলুং নামৰ উদণ্ড যুৱকজন । পিচে বিজেপিৰ নেতা-কৰ্মীৰ সৈতে ঘনিষ্ঠ ৰূপত ফটো থকা যুৱকজনৰ এতিয়া বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে বিশেষ ভাৱে থকা এখন ফটোও ভাইৰেল হৈ পৰিছে ৷ যাৰ বাবে উক্ত ফটোখনক লৈ ভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শনিবাৰে টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এখন ফটো তুলিলেই ঘনিষ্ঠ নহয় আৰু তেওঁৰ সৈতে কোনো অন্য সম্পৰ্ক নাই বুলি স্পষ্টকৈ মন্তব্য কৰে ৷ লগতে কোনো অভিযুক্ত তেওঁৰ আত্মীয় হ'লেও উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ আৰক্ষীক আহ্বান জনায় অধ্যক্ষগৰাকীয়ে ।