অসম

assam

ETV Bharat / state

Rajmao Pukhuri in Jorhat : ঐতিহাসিক ৰাজমাও পুখুৰী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন - ৰাজমাও পুখুৰীৰ ঐতিহ্য সংৰক্ষণ

ঐতিহাসিক ৰাজমাও পুখুৰীৰ সৌন্দৰ্য বৃদ্ধি আৰু সংৰক্ষণ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় দেওবাৰে । ১ কোটি ২৬ লাখ টকাৰ অনুমোদন (Rajmao Pukhuri in Jorhat) ।

Etv Bharat
Etv Bharat

By

Published : Mar 26, 2023, 8:16 PM IST

ৰাজমাও পুখুৰী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

যোৰহাট, 26 মাৰ্চ : যোৰহাটত অৱস্থিত ৰাজমাও পুখুৰী সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা দেওবাৰে স্থাপন কৰা হয় ৷ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী । ১ কোটি ২৬ লাখ টকা ব্যয় সাপেক্ষে উক্ত উন্নয়ণ প্ৰকল্পৰ বাবে পুঁজি আৱন্টন কৰা হৈছে বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Rajmao Pukhuri in Jorhat)।

ৰাজমাও পুখুৰীৰ সৌন্দৰ্য বৃদ্ধি আৰু সংৰক্ষণ প্ৰকল্প উন্নয়নৰ কাম ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি আজি আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, বিগত সময়চোৱাত ঐতিহাসিক ৰাজমাও পুখুৰীৰ হেৰাই যোৱা সৌন্দৰ্য বৰ্তাই ৰখাৰ বাবে তথা ৰাজমাও পুখুৰীৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত দাবী উথাপন হোৱাৰ খবৰে দখল কৰিছিল সংবাদ মাধ্যমৰ শিৰোনামা । উল্লেখ কৰা প্ৰয়োজন যে যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত আহোম ৰাজত্ব কালৰ ৰাজমাও পুখুৰী যোৰহাটবাসীয়ে তেওঁলোকৰ বাবে এক আয়ুস ৰেখা হিচাপে মান্যতা প্ৰদান কৰি আহিছে (Foundation stone of Rajmao Pond Development Project laid) ।

2022 আৰু 2023 বৰ্ষত যোৰহাটৰ মাজমজিয়াত অৱস্থিত মাৰোৱাৰী পট্টি আৰু ঐতিহাসিক চ’ক বজাৰত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ জুই নিৰ্বাপিত কৰাৰ সময়ত ৰাজমাও পুখুৰীয়ে গ্ৰহণ কৰিছিল এক বিশেষ ভূমিকা ৷ সেই সময়ত ৰাজমাও পুখুৰী নগৰৰ মাজমজিয়াত নথকা হ’লে এই দুই অগ্নিকাণ্ডৰ ঘটনাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰে যোৰহাটবাসী ৰাইজে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰজাদিনীয়া ঐতিহাসিক ৰাজমাও পুখুৰীৰ চৌপাশৰ গাৰ্ড ৱাল জহি খহি গৈছে ৷ লগতে বহিবৰ বাবে থকা ব্যৱস্থাসমূহো দিনক দিনে অৱনতি ঘটিছে বুলি স্থানীয় সূত্ৰত প্ৰকাশ (MLA Hitendra Nath Goswami) ।

ঐতিহাসিক ৰাজমাও পুখুৰীৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে ইয়াৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কাম শীঘ্ৰে হাতত ল’বলৈ স্থানীয় ৰাইজে আহ্বান জনোৱাৰ লগতে দীৰ্ঘদিন ধৰি দাবী উথাপন কৰি আহিছিল ৷

লগতে পঢ়ক :Rahul Gandhi Twitter bio : ৰাহুল গান্ধীয়ে সলনি কৰিলে টুইটাৰত নিজৰ পৰিচয়

ABOUT THE AUTHOR

...view details