অসম

assam

ETV Bharat / state

হীৰুদাৰ 88 সংখ্যক জন্মদিনত সুঁৱৰিলে যোৰহাটবাসীয়ে - হীৰেণ ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিতিৰ কৰ্মকৰ্তা

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ 88 সংখ্যক জন্মদিন ৷ যোৰহাট ষ্টেডিয়ামত থকা সুৰৰ দেউলত অনুস্তুপীয়াকৈ আয়োজন কৰা হয় কবিগৰাকীৰ জন্মদিন ৷ ইফালে জ্যোতি চিনে ক্লাবে সদৌ অসম ভিত্তিত অন লাইনৰ মাধ্যমেৰে হীৰুদাৰ কবিতা ওপৰত চিত্ৰাংকণ,গীত আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ লগতে কবি গৰাকীৰ এই বিশেষ দিনটোত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সৃষ্টি ৰাজি অধ্যয়ন কৰিব পৰাকৈ এটা কেন্দ্ৰৰ দাবী তোলে যোৰহাটৰ ৰাইজে ৷

Hiru da Birthday celebration at Jorhat stadium
হীৰুদাৰ 88 সংখ্যক জন্মদিনত সুঁৱৰিলে যোৰহাটবাসীয়ে

By

Published : Jul 28, 2020, 4:19 PM IST

যোৰহাট,28 জুলাইঃ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ 88 সংখ্যক জন্মদিন ৷ বিগত ১০ বছৰ ধৰি জ্যোতি চিনে ক্লাব আৰু হীৰেণ ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিতিৰ যৌথ উদ্যোগত 'হীৰুদা দিন' হিচাপে পালন কৰা হয় হীৰুদাৰ জন্মদিনটো ৷ মঙলবাৰেও যোৰহাট ষ্টেডিয়ামত থকা সুৰৰ দেউলত অনুস্তুপীয়াকৈ আয়োজন কৰা হয় কবি গৰাকীৰ 88 সংখ্যক জন্মদিনটো ৷ বন্তী প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত যোৰহাটৰ জ্যোতি চিনে ক্লাৱৰ কৰ্মকৰ্তাৰ লগতে হীৰেণ ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে । আনহাতে জন্মদিনৰ কাৰ্যসূচীৰ মাজতে ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সৃষ্টি ৰাজি অধ্যয়ন কৰিব পৰাকৈ এটা কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰ তথা শিক্ষা বিভাগৰ মুৰব্বীক অনুৰোধ জনালে হীৰেণ ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিতিৰ কৰ্মকৰ্তা সমীৰণ বৰদলৈয়ে ৷

হীৰুদাৰ 88 সংখ্যক জন্মদিনত সুঁৱৰিলে যোৰহাটবাসীয়ে

ইয়াৰ লগতে জ্যোতি চিনে ক্লাবে সদৌ অসম ভিত্তিত অন লাইনৰ যোগেদি হীৰুদাৰ কবিতা ওপৰত চিত্ৰাংকণ,গীত আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ ৰাজ্যখনৰ বিভিন্ন স্থানৰ প্ৰায় ৫০০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই অনলাইনধৰ্মী প্ৰতিযোগিতাখনত ।

এইখিনেত উল্লেখনীয় যে,কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ বাবেই এই বৰ্ষত পূৰ্বৰ দৰে আয়োজন কৰিব পৰা নগ'ল হীৰুদাৰ জন্মদিনটো ৷

লগতে পঢ়কঃশেষ হ'ল সোনম কাপুৰৰ কোৱাৰেন্টাইন পিৰিয়ড, জিমৰ পৰা ফটো দিলে অভিনেত্ৰীগৰাকীয়ে

ABOUT THE AUTHOR

...view details