অসম

assam

ETV Bharat / state

Eminent Poet Hiren Bhattacharya Birthday : হীৰুদাৰ ৯০ সংখ্যক ওপজা দিন - আজি হীৰু দাৰ ৯০ সংখ্যক জন্মদিন

আজি হীৰুদাৰ ৯০ সংখ্যক জন্মদিন (Eminent poet Hiren Bhattacharya Birthday)। ৰাজ্যৰ ভিন্ন প্ৰান্তত সুগন্ধি পখিলাৰ কবিগৰাকীক স্মৰণ । যোৰহাটৰ তেওঁৰ ওপজা গৃহত জন্মদিনৰ বিশেষ কাৰ্যসূচী । অসংখ্য গুণমুগ্ধই ভিৰ কৰিলে তেওঁ ওপজা গৃহ ।

Eminent poet Hiren Bhattacharya Birthday
হীৰু দাৰ ৯০ সংখ্যক ওপজা দিন

By

Published : Jul 28, 2022, 3:14 PM IST

যোৰহাট,২৮ জুলাই :অসমীয়া কবিতাৰ নক্ষত্ৰস্বৰূপ সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ৯০ সংখ্যক ওপজা দিন (90th birthday of Hiren Bhattacharya)। ১৯৩২ চনৰ ২৮ জুলাইৰ দিনটোতে যোৰহাটত জন্মগ্ৰহণ কৰিছিল প্ৰেম আৰু ৰ'দালিৰ কবি হীৰেন ভট্টাচাৰ্যই । এই বিশেষ দিনটোত ৰাজ্যবাসীয়ে সুঁৱৰিছে হীৰুদাক । বিশিষ্ট কবিগৰাকীৰ জন্মদিনটো অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে ।

হীৰুদাৰ ৯০ সংখ্যক ওপজা দিন

তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে জন্মদিন উদযাপন কৰি কবিগৰাকীক স্মৰণ কৰে । ইফালে যোৰহাটৰ জেইল ৰোডস্থিত তেওঁৰ স্মৃতি বিজড়িত তথা ওপজা গৃহত জ্যোতি চিনে ক্লাৱ আৰু হীৰেন ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিটিয়ে যৌথভাৱে জন্মদিন পালন কৰে (Hiren Bhattacharya birthday celebration in Jorhat)। বিভিন্নজনে তেওঁৰ কবিতা আৰু গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে ।

কবি হীৰেন ভট্টাচাৰ্যৰ অসমীয়া ভাষাত ১৩ খন আৰু বাংলা ভাষাত ২ খন কবিতা পুথি প্ৰকাশ পাইছিল । হীৰুদাৰ সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই তেখেতক বিভিন্ন বঁটাৰে সন্মানিতও কৰা হৈছে । ১৯৭৬ চনত 'বিভিন্ন দিনৰ কবিতা' গ্ৰন্থৰ বাবে তেওঁক অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা প্ৰদান কৰা হৈছিল ৷ ১৯৮৫ চনত 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা ৷

১৯৮৭ চনত 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহৰু বঁটা ৷ ১৯৯২ চনত 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ 'সৌহাদ্য সন্মান' ৷ ১৯৯৩ চনত তেওঁৰ 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা' প্ৰদান কৰা হৈছিল ৷ ইয়াৰ উপৰিও ২০০১ চনত উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ 'অসম উপত্যকা সাহিত্য বঁটা' প্ৰদান কৰা হয় ৷

২০১০ চনত অসম চৰকাৰৰ গণেশ গগৈ বঁটা আৰু ২০১১ চনত হীৰু দাক মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হয় । আনকি বিভিন্ন বাতৰি কাকতত নিয়মীয়াকৈ প্ৰকাশ পাইছিল হীৰু দাৰ কবিতা । মহান কবিগৰাকীয়ে ২০১২ চনৰ ৪ জুলাইত ৮০ বছৰ বয়সত গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক :Karbi Folk Workshop: নাৰেঙ্গীত কাৰ্বি ভাষাৰ চৰ্চা তথা কাৰ্বি গীত-মাতৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details