অসম

assam

ETV Bharat / state

টীয়কত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

টীয়কত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযান চলায় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫খনকৈ আসন লাভ কৰাৰ কথা উল্লেখ কৰে

By

Published : Apr 6, 2019, 5:29 PM IST

টীয়কত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

টীয়ক, ৬ এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । শনিবাৰে টীয়কত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শৰ্মাই যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযান চলায় মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাৰ্থৰ বাবে প্ৰধানমন্ত্ৰী পদত মোডীক অধিষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে । লগতে, শৰ্মাই কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ কংগ্ৰেছৰ শাসন কালত হোৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছক তুলাধূনা দিয়ে । আনহাতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫খনকৈ আসন লাভ কৰিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে।

টীয়কত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details