অসম

assam

By

Published : Mar 21, 2020, 5:06 PM IST

Updated : Mar 21, 2020, 5:20 PM IST

ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ চিকিৎসা মহাবিদ্যালয়খনত বিনামূলীয়া ডাইলাইছিচ কেন্দ্ৰ মুকলি কৰাৰ বাবে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী ৷

Himanta Biswa Sarma at Jorhat Medical College
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৰহাট,21 মাৰ্চঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ চিকিৎসা মহাবিদ্যালয়খনত বিনামূলীয়া ডাইলাইছিচ কেন্দ্ৰ মুকলি কৰাৰ বাবে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ ৭ খন বিচনা যুক্ত ডাইলাইছিচ কেন্দ্ৰটো দেশৰ আগশাৰীৰ এপ’ল’ হাস্পতালৰ সৈতে সংযুক্ত ৷ ডাইলাইছিচ কেন্দ্ৰটোত ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব চিকিৎসা ৷ ইয়াৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ লগতে চিকিৎসা কৰ্মীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, যোৰহাট জিলাত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ কোনো ঘটনা পোহৰলৈ অহা নাই যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সকলো চিকিৎসা কৰ্মী সাজু বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক-নগাঁৱৰ গোমোঠাগাঁৱত ভয়াৱহ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

Last Updated : Mar 21, 2020, 5:20 PM IST

ABOUT THE AUTHOR

...view details