অসম

assam

ETV Bharat / state

39 ডিগ্ৰী ছেলচিয়াছত দহিছে সমগ্ৰ ৰাজ্য - High Temperature At Assam

সমগ্ৰ ৰাজ্যখনৰ লগতে যোৰহাটতো একেই পৰিস্থিত ৷ সব্বোচ্চ 39 ডিগ্ৰী ছেলচিয়াছ গৰমত হাহাকাৰ পৰিস্থিতি ৷ গৰমৰ পৰা হাত সাৰিবলৈ কোনোৱে খাইছে কুঁহিয়াৰৰ ৰস,আন কোনোৱে আকৌ গছৰ ছায়াত আশ্ৰয় লৈছে ৷

39 দিগ্ৰী ছেলছিয়াছত দহিছে সমগ্ৰ ৰাজ্য

By

Published : Aug 13, 2019, 3:45 PM IST

যোৰহাট,13 আগষ্টঃ সমগ্ৰ ৰাজ্য খনৰ লগতে যোৰহাটত তাপমাত্ৰা 39 ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি পাইছে ৷ উৎকট গৰমত পৰিত্ৰাণ পাবলৈ কোনোৱে যদি আশ্ৰয় লৈছে গছৰ ছাঁত, আন কোনোৱে আকৌ কুঁহিয়াৰৰ পানীৰে পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে ৷

39 দিগ্ৰী ছেলছিয়াছত দহিছে অসম

শাওণৰ শেষত যেন উগ্ৰ ৰূপ ধাৰণ কৰিছে সূৰ্য দেৱতাই । বৰষুণৰ অবৰ্তমানত পূৱাৰ পৰাই গা দহি-পুৰি নিয়া প্ৰখৰ ৰ'দ । দিনৰ ১০ বজাৰ পৰা আবেলি ৪ বজালৈ যেন ৰ'দৰ অঘোষিত প্ৰতিযোগিতাহে। বিগত এটা সপ্তাহ উৎকট গৰমে বাৰুকৈয়ে দহিছে সমগ্ৰ ৰাজ্যবাসীক ৷ চহৰখনৰ বাটপথত প্ৰায় জন শূণ্য অৱস্থা । কিন্তু দেহ পুৰি যোৱা প্ৰচণ্ড গৰমক নেওচি একাংশ যান-বাহন আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰিছে।

ABOUT THE AUTHOR

...view details