যোৰহাট, 8 জুনঃশিৱসাগৰ অৰ্জনগুৰিৰ আমিনুদ্দিন আহমেদ নামৰ এগৰাকী উদ্ভাৱনকাৰীয়ে নিজাববীয়াকৈ একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে বীজাণু নিৰ্মূলকৰণ যন্ত্ৰ ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে ব্যক্তিজনে ৷ কিন্তু সম্পূৰ্ণ জৈৱিক ভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে এই বিশেষ মেচিনটো ৷ আমিনুদ্দিন আহমেদে দাবী কৰিছে যে এই যন্ত্ৰৰ সহায়ত বীজাণুনাশক,শ্বাস,প্ৰশ্বাস সম্বন্ধীয় সমস্যা দূৰ হয় আৰু ই বায়ু নিৰ্মল কৰে।
শিৱসাগৰৰ আমিনুদ্দিনে নিৰ্মাণ কৰিছে জৈৱিক ছেনিটাইজেশ্যন যন্ত্ৰ
জৈৱিক দ্ৰব্যৰ ব্যৱহাৰৰ জৰিয়তে বীজাণু নিৰ্মূল যন্ত্ৰ নিৰ্মাণ কৰিছে শিৱসাগৰ অৰ্জনগুৰিৰ আমিনুদ্দিন আহমেদ নামৰ এগৰাকী উদ্ভাৱনকাৰীয়ে ৷ সোমবাৰে এই স্প্ৰে মেচিনৰ জৰিয়তে চেনিটাইজ কৰা হয় যোৰহাটৰ বালিবাটস্থিত মচজিদ ৷
শিৱসাগৰৰ আমিনুদ্দিনে নিৰ্মাণ কৰিছে জৈৱিক ছেনিটাইজেশ্যন যন্ত্ৰ