অসম

assam

By

Published : Jul 1, 2020, 1:53 PM IST

ETV Bharat / state

চিকিৎসাধীন লোকৰ মৃতদেহ উদ্ধাৰঃ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

10 জুনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা লোকৰ মৃতদেহ,চিকিৎসালয় খনৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচৰ দিন ধৰি পৰিয়ালক লোকক লগ কৰিবলৈ দিয়া হোৱা নাছিল লোকজনৰ সৈতে ৷

A-sootea-1 july-801-803- visual- byte- still-sootea news-pransankar bhuyan.
heated situation in teok due to a dead body recovered in outside of hospital

টীয়ক,1 জুলাইঃ বিগত 10 জুনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছিল টীয়কৰ নানচেচু অঞ্চলৰ কালেশ্বৰ ওৰাং নামৰ লোকজনক ৷ ভৰ্তি কৰোৱাৰ পিচৰ দিন ধৰি পৰিয়ালক লোকক লগ কৰিব দিয়া হোৱা নাছিল লোকজনৰ সৈতে ৷ কৰ'ণা পৰীক্ষাৰ ফলাফল অহাৰ পিচতহতে তেওঁক লগ কৰিবলৈ দিয়া হ'ব বুলি উল্লেখ কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷ কিন্তু কিছুদিন পূৰ্বে সেই লোকগৰাকীৰ মৃতদেহ চিকিৎসালয় খনৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এনে কাৰ্যত ভিন্ন সন্দেহ প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷

চিকিৎসাধীন লোকৰ মৃতদেহ বাহিৰত উদ্ধাৰ হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ

পৰৱৰ্তী সময়ত আৰক্ষীয়ে সেই মৃতদেহটো উদ্ধাৰ কৰি পুনৰ গতাই দিয়ে চিকিৎসালয় কৰ্তৃপক্ষক ৷ বিগত 26 জুনতহে লোকগৰাকীৰ মৃতদেহ পাবলৈ সক্ষম হয় পৰিয়ালৰ লোকে ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়লটোৰ লগত সংঘটিত এনে ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এতিয়ালৈ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অবিযোগ উত্থাপন হৈছে ৷ বুধবাৰে পৰিয়ালটোৰ কাষত বিধায়ক গৰাকী উপস্থিত হৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ৰাজ্য চৰকাৰক ৷

লগতে পঢ়কঃএই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ

ABOUT THE AUTHOR

...view details