অসম

assam

By

Published : Aug 17, 2021, 10:41 PM IST

ETV Bharat / state

ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰাক কেন্দ্ৰকৰি যোৰহাটত উত্তপ্ত পৰিস্থিতি

যোৰহাত জিলা প্ৰশাসনে জাননী নিদিয়াকৈ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ আনহাতে জিলা প্ৰশাসনে সদৰি কৰিছে উচ্ছেদ কৰা নাই দোকান-পোহাৰসমূহ ইয়াৰ বিপৰীতে পথৰ পৰা কিছু পিছলৈহে নিবলৈ কোৱা হৈছে ৷

heated situation-in-jorhat-over-eviction-of-small businessman
ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰাক কেন্দ্ৰকৰি যোৰহাটত উত্তপ্ত পৰিস্থিতি

যোৰহাট, 17 আগষ্ট :জিলা প্ৰশাসনে জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ পাচতে উত্তপ্ত হৈ পৰিছে এখন চহৰ ৷ পদ-পথত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি থকা একাংশ ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰাৰ পাচতে উত্তপ্ত হৈ পৰিছে চহৰখন ৷ এই ঘটনাটো সংঘটিত হৈছে যোৰহাট চহৰত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ পদ-পথত ক্ষুদ্ৰ ব্যৱসায় কৰি সংসাৰ চলাই আছিল কেইটামান পৰিয়ালে ৷

কিন্তু কোনো ধৰণৰ জাননী নিদিয়াকৈ মঙলবাৰে হঠাৎ উচ্ছেদ অভিযান চলোৱাক লৈ হতভম্ব হৈ পৰে ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ ইপিনে এই ঘটনা সৰ্ন্দভত জানিব বিচৰাত সাংবাদিকৰ আগত পূৰ্ব ৰাজহ বিষয়া দেৱাহুতি ডেকাই কয় যে, সৰ্ম্পূণ উচ্ছেদ নহয় মাত্ৰ ব্যৱসায়ী সকলক দোকান-পোহাৰসমূহ পদপথৰ পৰা কিছু পিছলৈ হে নিবলৈ কোৱা হৈছিল ৷

ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰাক কেন্দ্ৰকৰি যোৰহাটত উত্তপ্ত পৰিস্থিতি

কিন্তু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ অভিযোগ পিছুৱাই যাবলৈ কোৱা নাই, তেওঁলোকক উচ্ছেদ হে কৰা হৈছে ৷ ব্যৱসায়ীসকলৰ অভিযোগ, যদিহে উচ্ছেদ কৰা নাই তেনেহ’লে কিয় আৰক্ষীৰ দল লগত লৈ অহা হৈছিল ৷

লগতে পঢ়কঃ মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিটিআৰ চৰকাৰে

আনহাতে, ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কয় যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত অযথা ভিৰ হোৱাৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানসমূহ কিছু পৰিমাণে পাছলৈ নিবলৈ অনুৰোধ জনোৱা হৈছে ৷ উল্লেখযোগ্য যে, ১৯ আগষ্টত যোৰহাট জিলাৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । একেদৰে যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ।

যাৰবাবে ক’ভিড প্ৰটকল অনুযায়ী মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত যাতে ভিৰ নহয় তাৰ বাবেই এইদৰে হঠাৎ উচ্ছেদ অভিযান আৰম্ভ কৰিলে যোৰহাট জিলা প্ৰশাসনে ।

লগতে পঢ়কঃ ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !

ABOUT THE AUTHOR

...view details